অসমীয়াঅসম

আলফা স্বাধীনৰ ওচৰত ক্ষমা বিচাৰি ডাঙৰ ভুল কৰিছে মন্ত্ৰী সঞ্জয় কিষাণেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ আলফা স্বাধীনৰ ওচৰত ক্ষমা বিচাৰি এক ডাঙৰ ভুল কৰিছে মন্ত্ৰী সঞ্জয় কিষাণে। -এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সকিয়নীৰ পিছতে মন্ত্ৰী সঞ্জয় কিষাণে নতমস্তক হৈ ক্ষমা খোজাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই কয় যে মন্ত্ৰী সঞ্জয় কিষাণৰ এয়া ডাঙৰ ভুল।

বিজেপিত এনে ধৰণৰ কাৰ্যৰ কোনো স্থান নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে সঞ্জয় কিষাণক ভৱিষ্যতে এনে ভুল নকৰিবলৈ সকিয়াই দিয়া হৈছে।

দেশৰ একতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মন্ত্ৰীগৰাকীক যুঁজ দিবলৈও ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, আলফাৰ ওচৰত ক্ষমা খোজাৰ পিছতে মন্ত্ৰী সঞ্জয় কিষাণক শ্ব’কজ জাৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *