অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাঃ থানাৰ সৈতে সংযোগ কৰিব লাগিব চিকিৎসালয়ৰ চিচি টিভি কেমেৰা…

 ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূ্ৰ্ণ নিৰ্দেশনা।

স্থানীয় আৰক্ষী থানাৰ সৈতে সংযোগ কৰিব লাগিব চিকিৎসালয়ৰ চিচি টিভি কেমেৰা।

চিকিৎসকক আক্রমণৰ ঘটনা সন্দর্ভত ৰুজু হোৱা ৩৩/২০২১ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানসৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে কয় যে হাস্পতালসমূহত চিচি টিভি সংস্থাপন কৰাটোৱেই যথেষ্ট নহয়৷ বৰঞ্চ এই চিচি টিভিসমূহ হাস্পতালসমূহৰ নিকটৱর্তী থানাৰ সৈতে সংযোজিত কৰাটো অত্যন্ত প্রয়োজনীয়।

ই সন্দৰ্ভত কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে ১০ দিনৰ ভিতৰত জনোৱাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে।

১৬ আগষ্টত এই বিষয়টোত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

সৌৰভ পল নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই নিৰ্দেশ দিয়ে।

ইপিনে গোচৰটোৰ শুনানি কালত ৰাজ্য চৰকাৰে অৱগত কৰে যে চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু জিলা হাস্পতালসমূহৰ অধিকাংশতে স্থাপন কৰা হৈছে চিচি টিভি৷ অৱশ্যে কিছুসংখ্যক চৰকাৰী হাস্পতাল, মডেল হাস্পতালত এতিয়াও স্থাপন কৰা হোৱা নাই চিচি টিভি কেমেৰা৷

উল্লেখ্য যে ১ জুনত হোজাই জিলাৰ উদালী আদৰ্শ চিকিৎসালয়ত কর্মৰত ডাঃ সেউজ সেনাপতি নামৰ এগৰাকী চিকিৎসকক উন্মত্ত একাংশ লোকে প্রহাৰ কৰা ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *