অসম

গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু…

গুৱাহাটী বিমান বন্দৰত উপস্থিত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু।

দিল্লীৰ পৰা বিমানযোগে আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত উপ-ৰাষ্ট্ৰপতিগৰাকী।

উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক আদৰণি জনাই ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে মন্ত্ৰী পীযূষ হাজৰিকা, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, যোগেন মোহন, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী বিমল বৰা, ৰঞ্জিত দাসসহ কেইবাগৰাকীও নেতাৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই আদৰণি জনায়।

গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশ ল’ব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।

বিমানবন্দৰৰ পৰা পোনে পোনে মহানগৰীৰ জিলা উপায়ুক্তৰ আৱাস গৃহ (পুৰণি জিলা উপায়ুক্তৰ কাৰ্যালয়) লৈ ৰাওনা হয় উপ–ৰাষ্ট্ৰপতিগৰাকী।

এম ভেংকয়া নাইডুৱে মুকলি কৰে পাণবজাৰৰ মহাবহু ব্ৰহ্মপুত্ৰ ঐতিহ্য ক্ষেত্ৰ। অসমীয়া জাতিক সমৃদ্ধ কৰা বিভিন্ন সাংস্কৃতিক উপাদান সংৰক্ষণ কৰা হৈছে এই ক্ষেত্ৰত।

jfdyVH1L?format=jpg&name=small

উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডু কিছু সময়ৰ পাছতে উপস্থিত হ’ব GMCHৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত।

 উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে মুকলি কৰিব অত্যাধুনিক PET- MRI WING। দেশৰ ভিতৰত চতুৰ্থটো PET-MRI যন্ত্ৰ স্থাপন কৰা হৈছে GMCHত। 

৬২ কোটি টকা ব্যয়েৰে অত্যাধুনিক যন্ত্ৰটো স্থাপন কৰা হৈছে GMCHত। চৰকাৰী খণ্ডত দেশৰ ভিতৰত অসমতে প্ৰথম স্থাপন কৰা হৈছে PET-MRI শাখাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *