দুদিনীয়া কাৰ্যসূচীৰে আজি অৰ্থাৎ দেওবাৰে অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু।
গুৱাহাটীত আজিৰ দিনটোতে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ তিনিটা কাৰ্যসূচী আছে।
লুইতৰ পাৰত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে মুকলি কৰিব ঐতিহ্য কেন্দ্ৰ।
উপ-ৰাষ্ট্ৰপতি গৰাকীৰ গুৱাহাটী ভ্ৰমণ উপলক্ষে মহানগৰীৰ বিভিন্ন পথত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰা হৈছে।
সেই অনুসৰি ৩৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩ অক্টোবৰত পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ৪ অক্টোবৰত পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সকলো গধুৰ যান-বাহনৰ চলাচল বন্ধ থাকিব।
আনহাতে আজি পুৱা ৬ বজাৰ পৰা ডিজি ৰ’ড, এম জি ৰ’ড, তৈবুল্লাহ ৰ’ড, জি এন বি ৰ’ড, বি বৰুৱা ৰ’ড, জি এছ ৰ’ড আৰু পাঞ্জাবাৰী ৰ’ডত লঘু, মধ্যমীয়া আৰু গধুৰ সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।
তদুপৰি ভৰলুৰ পৰা চান্দমাৰীলৈ যোৱা সকলো যান-বাহন যচৱন্ত ৰ’ড হৈ এইচ বি ৰ’ড আৰু তাৰ পাছত এন চি বি হলৰ দিশে গতি কৰি চান্দমাৰী দিশলৈ যাব লাগিব।
উজান বজাৰৰ দিশৰ পৰা মাছখোৱাৰ দিশলৈ যোৱা যান-বাহন সমূহে ডিচি কোৰ্ট পইণ্টৰ পৰা কমিচনাৰৰ পইণ্টৰ দিশে গতি কৰি এইচ বি ৰ’ড আৰু জে চি দাস ৰ’ড হৈ এম জি ৰ’ডৰ দিশে গতি কৰিব পাৰিব।
অতি জৰুৰী নহ’লে পৰাপক্ষত এই পথসমূহেৰে যাতায়ত এৰাই চলিবলৈ ৰাইজৰ প্ৰতি অনুৰোধ জনাইছে মহানগৰ যান-বাহন শাখাই।









