শ্বেৰমান আলীৰ সমৰ্থকৰ উত্তাল প্ৰতিবাদ, বাঘবৰত ১২ ঘণ্টীয়া বন্ধ পালন…

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ পিছতে জ্বলিছে বাঘবৰ সমষ্টি৷

ৰাজপথত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত শ্বেৰমানৰ একাংশ সমৰ্থকৰ৷

বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতেই দেওবাৰে পুৱাই একাংশ সমৰ্থকে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ৷

বাঘবৰ সমষ্টিৰ আলোপতি থানাৰ অন্তৰ্গত বাঘমাৰাচৰত একাংশ সমৰ্থকে বিধায়ক শ্বেৰমান আলীক বিনাচৰ্তে মুক্তি কৰি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

লগতে বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে পালন কৰিছে ১২ ঘণ্টীয় বাঘবৰ সমষ্টি বন্ধ।

আনকি ১২ ঘন্টাৰ ভিতৰত বিধায়ক জনক মুক্তি নিদিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে৷

উল্লেখ্য যে, শ্বেৰমান আলীয়ে শ্বহীদক লৈ অপমানজনক মন্তব্য কৰাৰ পাছতে ৰাজ্যজুৰি বিধায়কগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিভিন্ন দল সংগঠন৷

আনকি বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ দাবীৰে বিভিন্ন থানাত দল সংগঠনে এজাহাৰ দাখিল কৰাৰ পিছতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় বিধায়কজনক৷

Leave a Comment