গুজৰাটৰ দৰেই ঘটনা ওড়িশাতো! দলং ভাঙি পৰি আৱদ্ধ দুখন বাহন, ৬ জন আহত

নিউজ ডেস্কঃ গুজৰাটৰ মৰবীৰ ভয়ংকৰ দলং দুৰ্ঘটনাৰ সময়তে দেওবাৰে ওড়িশাৰ কালাহান্দি জিলাতো সংঘটিত হ’ল এক একেই দুৰ্ঘটনা।

কালাহান্দি জিলাৰ ভৱানীপটনা আৰক্ষী থানাৰ অন্তৰ্হত টি ৰামপুৰত এখন দলংৰ এটা অংশ খহি পৰাৰ ফলত দুখন বাহন আৱদ্ধ হৈ পৰে।

এই দুৰ্ঘটনাত বাহন দুখনত থকা কমেও ৬ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

image 263
গুজৰাটৰ দৰেই ঘটনা ওড়িশাতো! দলং ভাঙি পৰি আৱদ্ধ দুখন বাহন, ৬ জন আহত 2

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে বিয়লি বাহন দুখনে দলংখনেৰে পাৰ হৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষীৰ সৈতে উদ্ধাৰকাৰী বাহিনীৰ দল ততাতৈয়াকৈ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

পৰৱৰ্তী সময়ত কেইবাঘণ্টা ধৰি চলোৱা উদ্ধাৰ অভিযানৰ পিছত আহত সকলক উদ্ধাৰ কৰি ভৱানীপটনাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, আহত সকলৰ ভিতৰত এটি শিশুও আছে।