গুচি গ’ল কিশোৰ! নশ্বৰ দেহ স্বগৃহলৈ ঘূূৰাই অনাৰ ক্ষেত্ৰত দেখা দিছে জটিলতাই

নিউজ ডেস্কঃ অজান দেশলৈ গুচি গ’ল কিশোৰ দাস।

অসমৰ উদীয়মান অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে আজি শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক।

মিউজিক ভিডিঅ’ৰ জৰিয়তে সকলোৰে মাজত পৰিচিত হৈ পৰা সদায় হাঁহি থকা ল’ৰাটো আজি নাই, সেই কথা যেন বিশ্বাসেই কৰিব পৰা নাই কোনেও।

কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিশোৰ দাস। কিছু দিন গুৱাহাটীৰ হেল্থ চিটি হাস্পতালতে চিকিৎসাধীন হৈ থাকি অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ।

photo1656753414 1
গুচি গ’ল কিশোৰ! নশ্বৰ দেহ স্বগৃহলৈ ঘূূৰাই অনাৰ ক্ষেত্ৰত দেখা দিছে জটিলতাই 4

তাৰ পিছত চেন্নাইত চলি আছিল অসমৰ উদীয়মান জনপ্ৰিয় অভিনেতাগৰাকীৰ কৰ্কট ৰোগৰ চিকিৎসা।

লাহে লাহে সুস্থও হৈ উঠিছিল কিশোৰ। হাস্পতালৰ পৰাই অসমৰ অনুৰাগী সকললৈ তেওঁ মাজে মাজে পঠিয়াইছিল ভিডিঅ’ বাৰ্তা।

কেতিয়াবা যদি পুস্পাৰ গীতত তেওঁ নাচিছিল, কেতিয়াবা আকৌ শয্যাগত হৈয়ে ওঁঠ মিলাইছিল পাপনৰ ‘কৈ নিদিয়া কিয়’ গীতত।

শেহতীয়াকৈ তেওঁ অভিনীত সদ্য মুক্তিপ্ৰাপ্ত ছবিখন চাবলৈ ছবিপ্ৰেমীক আহ্বান জনাইছিল ভিডিঅ’যোগে। সেই ভিডিঅ’টোতে তেওঁ ৰোমন্থন কৰিছিল ছবিখনৰ সৈতে জড়িত কিছু ৰসাল মুহূৰ্তৰ।

কৈছিল- কিদৰে ডাবিঙৰ সময়ত হাঁহিবলগীয়া হোৱাত তেওঁ বাৰে বাৰে প্ৰচণ্ড পেটৰ বিষত ভুগিছিল…!

photo1656753414
গুচি গ’ল কিশোৰ! নশ্বৰ দেহ স্বগৃহলৈ ঘূূৰাই অনাৰ ক্ষেত্ৰত দেখা দিছে জটিলতাই 5

সকোলোৱে আশা কৰিছিল- কিশোৰ সুস্থ হৈ উভতিব আপোন মানুহখিনিৰ মাজলৈ। কিন্তু নিয়তিয়ে যে এনেদৰে সকলোৰে চকুৰ আঁতৰৰ পৰাই তেওঁক লৈ গুচি যাব, সেয়া আছিল সকলোৰে কল্পনাৰো অগোচৰ।

কৰ্কট ৰোগৰ সৈতে যুঁজি থকাৰ সময়তে হাস্পতালত কোভিডত আক্ৰান্ত হয় অভিনেতাগৰাকী। তাৰ পিছত আৰু নিষ্ঠাৰ নাপালে তেওঁ। লাহে লাহে সুস্থ হ’বলৈ ধৰা সুদৰ্শন যুৱকজনৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিবলৈ ধৰে। আৰু অৱশেষত হাস্পতালতে চিৰবিদায় লয় অসমৰ সকলোৰে মৰমৰ অভিনেতাগৰাকীয়ে।

এতিয়া কিশোৰৰ নশ্বৰ দেশ স্বগৃহলৈ উভতাই অনাৰ ক্ষেত্ৰতো দেখা দিছে জটিলতা। কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ বাবেই তেওঁৰ মৃতদেহ অসমলৈ ঘূৰাই অনাত অসুবিধাৰ সন্মুখীন হৈছে পৰিয়াল।

জানিব পৰা মতে, কোভিডৰ বাধা-নিষেধৰ বাবেই কিশোৰ দাসৰ মৃতদেহ ঘৰলৈ ঘূৰাই অনাত অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু পৰিয়ালে বিচাৰিছে কিশোৰৰ শেষকৃত্য সম্পন্ন হওক নিজৰ জন্মভূমিত।

সেইবাবেই অভিনেতাগৰাকীৰ নশ্বৰ দেহ ঘূৰাই অনাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে।

লগতে চাওকঃ

দুঃখবৰ! নিয়তিৰ ওচৰত হাৰ মানিলে উদীয়মান অভিনেতা কিশোৰ দাসে…

227
গুচি গ’ল কিশোৰ! নশ্বৰ দেহ স্বগৃহলৈ ঘূূৰাই অনাৰ ক্ষেত্ৰত দেখা দিছে জটিলতাই 6