দুঃখবৰ! নিয়তিৰ ওচৰত হাৰ মানিলে উদীয়মান অভিনেতা কিশোৰ দাসে…

ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।

উদীয়মান অভিনেতা কিশোৰ দাস আৰু নাই।

image 8
দুঃখবৰ! নিয়তিৰ ওচৰত হাৰ মানিলে উদীয়মান অভিনেতা কিশোৰ দাসে... 3

দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে।

ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিশোৰ দাসে।

শনিবাৰে চেন্নাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা কিশোৰ দাসে। কিছু দিন পূৰ্বে কিশোৰ উন্নত চিকিৎসাৰ বাবে গৈছিল চেন্নাইলৈ।

image 7
দুঃখবৰ! নিয়তিৰ ওচৰত হাৰ মানিলে উদীয়মান অভিনেতা কিশোৰ দাসে... 4

অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা সুদৰ্শন অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে ব্যথিত কৰি তুলিছে ৰাজ্যবাসীক।

জুবিন গাৰ্গকে ধৰি বিভিন্নজনে চিকিৎসাৰ ক্ষেত্ৰত সহায়-সহযােগিতা আগবঢ়াইছিল যদিও অৱশেষত সকলোকে এৰি নেদেখাজনৰ ওচৰলৈ গুচি গ’ল কিশোৰে।

উল্লেখ্য যে, মৃ্ত্যুৰ সময়ত কিশোৰে অকলশৰীয়া মাতৃক এৰি থৈ যায়।

1 thought on “দুঃখবৰ! নিয়তিৰ ওচৰত হাৰ মানিলে উদীয়মান অভিনেতা কিশোৰ দাসে…”

Comments are closed.