নিউজ ডেস্ক। প্ৰত্যেক প্ৰাণীৰে থাকে নিজা নিজা প্ৰকৃতি। নিজৰ প্ৰাকৃতিক অভ্যাস অনুসৰি জীৱ জগতত বাস কৰে সকলো প্ৰাণীয়ে।
সেয়েহে কোনো প্ৰাণীৰ জীৱন প্ৰণালীৰ ওপৰত আন কোনোৱে হস্তক্ষেপ কৰিব নালাগে। আৰু যদিহে তেনে কৰা হয়, সি কেতিয়াবা ভয়ংকৰ ৰূপ লব পাৰে।
কিন্তু এইবাৰ এনে এটা ঘটনা দেখিবলৈ পোৱা গৈছে য’ত এজন লোকে খেলিলে প্ৰকাণ্ড ৰজা ফেঁটীৰ সৈতে। যাৰ ফলত লোকজন মুখামুখি হল কৰুণ পৰিণতিৰ।
বৰ্তমান তেনে এক দৃশ্য ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটো কাছাৰৰ ঢলাইৰ ৰাজনগৰৰ বিষ্ণুপুৰ গাঁৱৰ।

খবৰ অনুসৰি, ৰঘুনন্দন দাস (৬০) নামৰ লোকজনে পথাৰলৈ গৈ এডাল প্ৰকাণ্ড ৰজা ফেঁটী সাপ ধৰি আনে। তাৰ পিছতেই তেওঁ সাপডাল ডিঙিত মেৰিয়াই লয় আৰু গোটেই গাঁওখন ঘূৰিবলৈ লয়। তেওঁ নিজকে মহাদেৱ অৰ্থাৎ শিৱ বুলি অভিহিত কৰে।
মহাদেৱ লম্ভাৰ বাবেই তেওঁৰ গাত সাপ থাকিব পাৰে আৰু তেওঁৰ একো নহয় বুলি কয়। তেওঁ ডিঙিত সাপডাল মেৰিয়াই মহাদেৱৰ ভংগিমায়ো দিয়ে। তেওঁৰ সেই দৃশ্য দেখি স্থানীয় যথেষ্ট লোক তেওঁৰ ঘৰত সমবেত হয়।
তেওঁক বহুতেই সেই কাৰ্যত বাধা দিয়ে যদিও তেওঁ কিন্তু গুৰুত্ব নিদিয়ে। তেওঁৰ সেই কাৰ্য উপস্থিত বহুতেই নিজৰ মোবাইল কেমেৰাত ৰেকৰ্ড কৰে।
@SudhaRamenIFS @AnkitKumar_IFS @arunvigneshcs @susantananda3 @ParveenKaswan @ParimalSuklaba1 pic.twitter.com/OjwaoLwxyR
— NEWS8 Northeast (@news8northeast) October 5, 2021
স্থানীয় লোকে জনোৱা অনুসৰি, তেওঁক সাপডাল এৰি দিবলৈ কোৱা হৈছিল যদিও তেওঁ এৰি দিয়া নাছিল। তাৰ পৰিৱৰ্তে তেওঁ সাপডালৰ ডিঙিত ধৰি নিজৰ ডিঙিত সাপডাল মেৰিয়াই লৈছিল। সাপডালে যাবলৈ যথেষ্ট চেষ্টা কৰিছিল, কিন্তু তেওঁ ধৰি ৰখাত যাব পৰা নাছিল। শেষত উপায় নোহোৱাত অতি বিষাক্ত সাপডালে দংশন কৰে তেওঁক। যাৰ ফলত তেওঁৰ মৃত্যু হয়।
লোকজনৰ মৃত্যু হোৱাৰ পিছতহে স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক। বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ লোকজনৰ মৃত্যু হয় আৰু সাপডালো যাবলৈ সক্ষম হয়।
শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক পৰ্থানকাৰ চৌধুৰীয়ে কয় যে, “ৰজা ফেঁটী হৈছে অতি বিষাক্ত সাপ। সমগ্ৰ দেশত বৰ্তমানলৈকে ৩-৪ জন লোককহে ৰজা ফেঁটী সাপে দংশন কৰিছে। উত্তৰ পূৰ্বাঞ্চলত ৰজা ফেঁটী সাপে দংশন কৰা এওঁৱেই প্ৰথম হ’ব লাগে।”









