অসম

বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ ৪৭ গৰাকী চোৰাং চিকাৰীৰ আত্মসমৰ্পন…

তামুলপুৰত ৪৭ গৰাকীকৈ চোৰাং চিকাৰীৰ আত্মসমৰ্পন।

তামুলপুৰ ঘগ্ৰাচকত আয়োজিত এক অনুষ্ঠানত ৪৭ গৰাকী চোৰাং চিকাৰীয়ে আনুষ্ঠানিকভাৱে আত্মসমৰ্পন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক সূত্ৰধৰকে ধৰি কেইবাজনো আৰক্ষী বিষয়া।

RV6rRvpI?format=jpg&name=small

আত্ম সমৰ্পনৰ সময়ত চোৰাং চিকাৰী সকলে ১৪ টা হস্ত নিৰ্মিত ৰাইফল, গ্ৰেণেড দুটা, গছ কটা মেচিন ১২ টা, ১২ টা হৰিণৰ শিং আদিকে ধৰি বিভিন্ন সঁজুলি জমা দিয়ে ।

আত্ম সমৰ্পনকাৰী আটাইকেইজন চোৰাং চিকাৰীক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে বাগসা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *