অসম

গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যু…

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যু।

মঙলবাৰে কামৰূপৰ দামপুৰৰ পাহাৰত আত্মসমৰ্পণ কৰিছিল বিকিয়ে।

গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনি থাকোতেই বিকি আলীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ গুলীত নিহত হয় বিকি আলী।

263

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত একো মন্তব্য কৰা নাই যদিও মাজনিশাই বিকি আলীক জি এম চি এইচ্চলৈ লৈ অনা হয়।

এনকাউণ্টাৰৰ পিছতে GP সিঙে গীতাৰ বাণী লিখি কৰিছে এক বিশেষ টুইট।

উল্লেখ্য যে, বিগত সপ্তাহত পাঁচজন পাষণ্ডই মিলি এখন হোটেললৈ লৈ গৈ এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক ধৰ্ষণ কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ।

এই ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে পাণবজাৰ মহিলা থানাত 19/22 US 376(D) IPC , RW SEC. 6 POSCO ACT, RW 67 (B) IT ACT-ৰ অধীনত পাষণ্ড কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

বিকি আলীৰ উপৰি ধৰ্ষণত জড়িত থকা বাকী কেইজন পাষণ্ড হ’ল ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী।

বৰ্তমান পলাতক অৱস্থাত থকা বাকী চাৰিজন ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

লগতে চাওকঃ

ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা আৰু দিলীপৰ প্ৰাণ

G9 2

Leave a Reply

Your email address will not be published. Required fields are marked *