ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল (Horoscope)

দৈনিক ৰাশিফল (Horoscope): ১৬ মাৰ্চ, বুধবাৰ

মেষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন হ’ব। ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ লাভ কৰিব। চাকৰিয়াল সকলে উচ্চপদস্থ বিষয়াৰ পৰা তৰ্কত লিপ্ত হোৱাৰ পৰা আতৰি থাকক। কাজিয়া পৰিহাৰ নকৰিলে আইনী সমস্যাৰ সন্মুখীন হব লাগিব পাৰে। পূৰ্ব পৰিকল্পতি কোনো কাৰ্য আজি সম্পাদন কৰিবলৈ সক্ষম হব। উপাৰ্জন বৃদ্ধি হ’লেও অনিয়ন্ত্ৰিত ব্যয়ে আজি আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- সম্পত্তি সম্পৰ্কীয় বিবাদে আজি আপোনাৰ লোকচান কৰিব পাৰে। শান্ত হৈ থাকক। কাৰো সৈতে অযথা তৰ্কত লিপ্ত হোৱাৰ পৰা আতৰি থাকক। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। আজি ওচৰৰ ঠাইলৈ যাত্ৰা কৰোঁতেও আপুনি হৈ থকা উচিত। ব্যৱসায়ী সকলে বন্ধুৰ সহযোগত আৰ্থিক ভাৱে লাভাৱাম্বিত হব পাৰে।

মিথুন ৰাশি- আজি আপুনি ব্যৱসায়ৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে। আজি আপোনাৰ ঋণ হ্ৰাস হ’ব। আজি আপুনি ভৌতিক সম্পদৰ ওপৰত ব্যয় বৃদ্ধি পাব। দাম্পত্য জীৱন আনন্দদায়ক হব। অযথা খৰছ পৰিহাৰ কৰক। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে আজিৰ দিনটো শুভ। মাতৃৰ স্বাস্থ্যৰ অৱনতিয়ে চিন্তাত পেলাব পাৰে। শিক্ষাৰ্থী সকলৰ বাবে দিনটো কষ্টকৰ হব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন হ’ব। আজি কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিবলৈ সক্ষম হব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত ভ্ৰমণ কৰিবলগীয়াও হব পাৰে। মন আধ্যাত্মিক কাৰ্যত নিয়োজিত থাকিব। ধৰ্মীয় কাৰ্যক ধন ব্যয় কৰিব লাগিব পাৰে।

সিংহ ৰাশি- আত্মবিশ্বাস বৃদ্ধি পাব। ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হব। পিতৃৰ সৈতে মতভেদ ঘটিব পাৰে। অৱশ্যে ভাতৃ-ভগ্নীৰ সহায়ত ব্যৱসায় বৃদ্ধি কৰিব পাৰিব। নতুন বিনিয়োগ কৰাৰ পূৰ্বে অভিজ্ঞজনৰ সৈতে আলোচনা কৰক। ঘৰত কোনো মাংগলিক অনুষ্ঠান সম্পন্ন হব পাৰে। সামাজিক স্থানলৈ যাওতে স্ব-সংযত হওক। খং পৰিহাৰ কৰি চলক।

কন্যা ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে মানসিকভাৱে সুখৰ দিন হব। অৱশ্যে দৈহিক পৰিশ্ৰম বৃদ্ধি পাব। শত্ৰু নাশ কৰিবলৈ সক্ষম হব। নতুন বাহন ক্ৰয় কৰিব পাৰে। বৌদ্ধিক কামে আৰ্থিক সফলতা প্ৰদান কৰিব। ঘৰুৱা আচবাব ক্ৰয়ৰ নামত ব্যয় বৃদ্ধি পাব। সন্ধিয়াৰ ভাগলৈ ঘৰলৈ কোনো বন্ধুৰ আগমণ ঘটিব পাৰে। আজি আপুনি লাভ কৰা সফলতাই নিসন্দেহে আনক ঈৰ্ষাম্বিত কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- হঠাৎ আজি ধন লাভ কৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ যতন লওক। মাতৃৰ পৰা সহায় আৰু সহযোগিতা লাভ কৰিবলৈ সক্ষম হব। চাকৰিয়া সকলে কৰ্মক্ষেত্ৰত অধিক কামৰ বোজা লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব পাৰিব।ঘৰত মাংগলিক অনুষ্ঠান সম্পন্ন হব পাৰে।

বৃশ্চিক ৰাশি- ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে আজি উত্তোৰণৰ বাট প্ৰশস্ত হব পাৰে। সুস্বাদু খাদ্যৰ প্ৰতি আজি প্ৰৱণতা বৃদ্ধি পাব। কিন্তু আহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হওক, অন্যথা পেটৰ ৰোগত আক্ৰান্ত হব পাৰে। কৰ্মৰ খাতিৰত ভ্ৰমণ কৰিবলগা হব পাৰে। উচ্চ শিক্ষাৰ বাবেও বিদেশ ভ্ৰমণৰ যোগ আছে। সন্ধিয়ালৈ কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

ধনু ৰাশি- ব্যৱসায়ী সকলে নতুন বিনিয়োগ কৰাৰ পূৰ্বে সাৱধান হওক। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে। শিশুৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। বাহন মেৰামতি বা ক্ৰয়ৰ নামত ব্যয় বৃদ্ধি হব পাৰে। ৰাজনৈতিক সহযোগিতা লাভ কৰিব। পিতৃ-মাতৃৰ সহযোগিতা লাভ কৰিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। উপাৰ্জন হ্ৰাস হব।

মকৰ ৰাশি- স্ব-সংযত হওক। অত্যাধিক খং পৰিহাৰ কৰক আৰু মিতভাষী হবলৈ চেষ্টা কৰক। আপোনাৰ আচৰণে আজি আপোনজনৰ মনত আঘাত দিব পাৰে। ধনৰ লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱা ভাল। বাহন যাত্ৰা কৰাৰ সময়ত নিজৰ সামগ্ৰীৰ ওপৰত চকু ৰাখিব, অন্যথা চুৰি হোৱাৰ সম্ভাৱনা আছে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- হঠাৎ পুৰণি বন্ধুৰ সৈতে হোৱা সাক্ষাতে আপোনাক উৎফুল্লিত কৰিব। ব্যৱসায়ত অধিক লাভ পাবলৈ সক্ষম হব। চাকৰিয়াল সকলে কৰ্মক্ষেত্ৰত অধিক কামৰ হেঁচা লাভ কৰিব পাৰে, যাৰ বাবে উচ্চপদস্থ বিষয়াৰ সৈতে সাধাৰণ মতানৈক্যও ঘটিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যতন লওঁক। শিশুৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হব পাৰে।

মীন ৰাশি- বৌদ্ধিক কামৰ সৈতে জড়িত লোকসকলে আজি আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হব। মনৰ কথা আনৰ আগত প্ৰকাশ কৰাৰ পূৰ্বে সাৱধান হওক। ব্যৱসায়ত আপুনি গ্ৰহণ কৰা সিদ্ধান্তই আপোনাক আৰ্থিক লোকচানত পেলাব পাৰে। মাতৃৰ পৰা আৰ্থিক সহযোগিতা লাভ কৰিব। পিতৃৰ স্বাস্থ্যৰ অসুস্থতাই মনোকষ্ট দিব পাৰে। দাম্পত্য জীৱন সুখৰ হব।

Related Articles

Leave a Reply

Back to top button