‘The Kashmir Files’ চাব বিচৰা চৰকাৰী কৰ্মচাৰীলৈ অৰ্ধছুটী ঘোষণা চৰকাৰৰ…

৯০ ৰ দশকত কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলা অকথ্য নির্যাতন আৰু গণহত্যাৰ কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা ‘The Kashmir Files’ নামৰ ছবিখনে দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা।

মঙলবাৰে মন্ত্ৰী বিধায়কসকলক লগত লৈ গুৱাহাটীৰ পিভিআৰ চিনেমা হলত ছবিখন উপভোগ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Image

ছবিখন উপভোগ কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে আৱেগিক হৈ পৰে মন্ত্ৰী বিধায়কসকল।

কাশ্মীৰৰ এটা বাস্তৱ কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা এই ছবিখন উপভোগ কৰি ছবিখনৰ সৈতে জড়িত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে ছবিখন উপভোগ কৰিব বিচৰা চৰকাৰী কৰ্মচাৰীক অৰ্ধছুটী প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয়- ‘অসমত মনোৰঞ্জন নাই। গতিকে ছবিখন কৰমুক্ত কৰাৰ কোনো নাই। যিসকল চৰকাৰী কৰ্মচাৰীয়ে কাশ্মীৰ ফাইল্‌ছ বিচাৰিব, তেওঁলোকক অর্ধছুটী প্ৰদান কৰিম। অৱশ্যে পিছদিনা তেওঁ চিনেমাৰ টিকট জ্যেষ্ঠ বিষয়াক প্ৰদান কৰিব লাগিব।

লগতে তেওঁ অসমৰ ৰাইজক এই ছবিখন চাবলৈ মই আহ্বান জনাই।

কাশ্মীৰী পণ্ডিতসকলে কিদৰে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিবলগীয়া হৈছিল আৰু কিদৰে সনাতন সভ্যতাৰ কেন্দ্ৰভূমি কাশ্মীৰ এসময়ত আগ্ৰাসনৰ স্বীকাৰ হৈছিল, সেই সমগ্ৰ কাহিনী অতি সুন্দৰকৈ এই ছবিখনৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে একাংশই এই ছবিখনক লৈ সমালোচনা কৰা প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে, ছবিখনক লৈ সমালোচনা কৰিবলগীয়া একো নাই। এয়া এক বাস্তৱ কাহিনী আৰু বুৰঞ্জীমূলক ঘটনা।

Leave a Comment