‘কেৱল সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাহে চলিছে অসমীয়া মাধ্যমৰ বিদ্যালয়।’
‘চৰকাৰী বিদ্যালয়লৈ নতুনত্ব নানিলে বন্ধ হৈ পৰিব অসমীয়া মাধ্যমৰ বিদ্যালয়।’
বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়- যদি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত কোনো নতুনত্ব অনা নহয় তেন্তে অহা ৫ বছৰত বিদ্যালয়সমূহ বন্ধ হৈ পৰিব। এটা দুটা বিষয় ইংৰাজীত পাঠদান কৰিলেহে বিদ্যালয় সমূহলৈ ছাত্ৰ ছাত্ৰী আহিব।
এইবোৰ জেদাজেদি কৰিলে এটাই লাভ হ’ব, সেইটো হ’ল ৫ বছৰ পিছত বিদ্যালয়সমূহত এজনো ছাত্ৰ-ছাত্ৰী নাহিব।-মুখ্যমন্ত্ৰী।
তেওঁ কয়- উজনিৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী নোহোৱাই হৈছে। কেৱল নামনি অসমত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই চলি আছে অসমীয়া মাধ্যমৰ বিদ্যালয়। বাকী ছাত্ৰ ছাত্ৰী নাই।
তেওঁ কয়- মানুহৰ চিন্তাধাৰা বোৰ সলনি হৈছে, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অভিভাৱকে নিজৰ সন্তানৰ ভৱিষ্যত নেদেখা হৈছে। আমি কৈছো ইংৰাজী মাধ্যমৰ স্কুলত নপঢ়িব, অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ক কিন্তু দুটা বিষয় ইংৰাজীত পঢ়ক।
দুটা বিষয় ইংৰাজীত পাঠদান কৰা বিষয়টোৰ বিৰোধীতা কৰা সংগঠন সমূহৰ নেতৃত্বৰ সম্পৰ্কীয়ৰ লৰা ছোৱালীবোৰক ১০০ শতাংশই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত দিছে। আমি কৈছো ৮০ শতাংশ অসমীয়া স্কুলত দিয়ক।তেওঁলোকতকৈ আমি চিন্তা উন্নত- মুখ্যমন্ত্ৰী।









