আৰ্থিকভাৱে সবল লোকে খাদ্য সুৰক্ষাৰ কাৰ্ড ঘূৰাই নিদিয়াৰ বাবে কঠোৰ হৈছে শোণিতপুৰ জিলা প্ৰশাসন।
অচিৰেই ১০হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব খাদ্য আৰু অসামৰিক যোগান বিভাগে।
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ কাৰ্ডসমূহ ঘূৰাই নিদিয়া লোকৰ বিৰুদ্ধে লোৱা হ’ব এই ব্যৱস্থা।
৩ৰ পৰা ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে অভিযুক্তৰ।
উল্লেখ্য যে, জিলাখনত আৰ্থিকভাৱে সবল একাংশই প্ৰস্তত কৰিছে খাদ্য সুৰক্ষাৰ কাৰ্ড।
জানিব পৰা মতে জিলাখনত ইতিমধ্যে ২লাখ ৬৩হাজাৰ ৫৮৯খন খাদ্য সুৰক্ষাৰ কাৰ্ড আছে।
ইয়াৰে অধিকাংশই আৰ্থিকভাৱে সবল লোকে সুবিধা লাভ কৰি আছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে বহুতেই কাৰ্ড ঘূৰাই দিছে যদিও জিলাখনত এতিয়াও প্ৰায় ১০ হাজাৰ অৰ্থিকভাৱে সবল লোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সুবিধাল লাভ কৰি আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিব দিয়ে।









