৫০ টকা ঘোচ লৈ নিলম্বিত হ’ল দুজন আৰক্ষী জোৱান, গোপন কেমেৰাত বন্দী হৈছিল ভিডিঅ’…

পুনৰ আৰক্ষীৰ পোচাকত দাগ লগালে দুজন আৰক্ষী জোৱানে।

এইবাৰ কামৰূপ চাংসাৰীত ৫০ টকা ঘোচ লৈ নিলম্বিত হ’ল দুজন আৰক্ষী জোৱান।

চাংসাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দিন দুপৰতে এখন পশ্চিমবংগৰ বাহনৰ পৰা ৫০ টকা ঘোচ লৈছিল দুজন আৰক্ষী জোৱানে।

যি দৃশ্য কোনো লোকে গোপনে ভিডিঅ কৰি প্ৰেৰণ কৰিছিল জিলা আৰক্ষী অধীক্ষকলৈ।

তাৰ পিছতেই ততাতৈয়াকৈ চাংসাৰী থানালৈ আহি দুয়োকে নিলম্বন কৰে SP হিতেশ চন্দ্ৰ ৰয়ে।

নিলম্বিত কনিষ্টবল নুৰ ইছলাম আৰু গৃহৰক্ষী জোৱান উপেন কলিতা।

চাংসাৰি থানাত কৰ্মৰত আছিল নিলম্বন কৰা আৰক্ষী কনিষ্টবল নুৰ ইছলাম আৰু গৃহৰক্ষী জোৱান উপেন কলিতা।

অসৎ উপায়েৰে ধন সংগ্ৰহ কৰা আৰক্ষী জোৱানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ হুংকাৰ আৰক্ষী অধীক্ষকগৰাকীৰ

Leave a Comment