অসম

অসম-অৰুণাচল সীমান্তত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা।

শােণিতপুৰ জিলাৰ চাৰিদুৱাৰ চপালগা গুইনেজিয়া পাহাৰত এটা মৃত বন্যহস্তী উদ্ধাৰ।

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ চপালগা গুইনেজিয়া পাহাৰৰ দাঁতিত স্থানীয় লোকে এটা মৃত বন্যহস্তী প্ৰত্যক্ষ কৰি স্থানীয় বন বিভাগক খবৰ দিয়ে।

পাছত বালিপাৰা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ লগতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

এই পৰ্যন্ত বন্যহস্তীৰ মৃত্যুৰ প্ৰকৃত কাৰণ প্ৰকাশ কৰা নাই বন বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *