নিউজ ডেস্কঃ এইবাৰ কৰ বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ।
নগাঁৱৰ ফুলগুৰিত এটা ফিটনেছ চেণ্টাৰ উদ্বোধন কৰি কৰ বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।
সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ক’লে- টেক্সতো অলপ বাঢ়িবই।
কোভিড মহামাৰীৰ বাবে অসমৰ লগতে সমগ্ৰ পৃথিৱীতে আৰ্থিক সংকট সৃষ্টি হোৱা বুলি মন্তব্য কৰে জুবিন গাৰ্গে।
সেইবাবেই কিছুদিন মানুহে টেক্স বেছিকৈ দিব লাগিব বুলিও মন্তব্য জুবিন গাৰ্গৰ।
কিন্তু লাহে লাহে সকলোবোৰ স্বাভাৱিক হৈ পৰিব বুলিও বিশ্বাস ব্যক্ত কৰে জুবিন গাৰ্গে।









