কৰ বিষয়া বুলি পৰিচয় দি মহানগৰীৰ মাজমজিয়াৰ পৰা ৫ যুৱকে হাইজেক কৰিছিল ৭৮ লাখ টকা মূল্যৰ পাণমছলাভৰ্তি ট্ৰাক, ৩ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ নিজকে কৰ বিষয়া বুলি পৰিচয় দি কেইবালাখ টকা মূল্যৰ পাণমছলা ভৰ্তি ট্ৰাক হাইজেক কৰি আৰক্ষীৰ জালত পৰিল ৩ যুৱক। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ নাৰেংগীত।

জানিব পৰা মতে, মঙলবাৰে দিল্লীৰ এলভিজি লজিষ্টিক নামৰ এটা কোম্পানীয়ে ৰে’লযোগে নিউ গুৱাহাটীৰ বিজি গুদামলৈ প্ৰেৰণ কৰিছিল ৭৮ লাখ টকা মূল্যৰ পাণমছলা। ইয়াৰ পিছতে কোম্পানীটোৰ এইছআৰ ৫৫পি ৬৯০১ নম্বৰৰ ট্ৰাকখনে বিজি য়াৰ্ডৰ পৰা পাণমছলা খিনি লৈ সন্ধিয়া ৬ বজাত বেতকুছিস্থিত কোম্পানীৰ কাৰ্যালয়লৈ ৰাওনা হয়।

photo1661405295 1
কৰ বিষয়া বুলি পৰিচয় দি মহানগৰীৰ মাজমজিয়াৰ পৰা ৫ যুৱকে হাইজেক কৰিছিল ৭৮ লাখ টকা মূল্যৰ পাণমছলাভৰ্তি ট্ৰাক, ৩ জনক গ্ৰেপ্তাৰ 4

পানমছলা ভৰ্তি ট্ৰাকখনে নাৰেংগীৰ পাথৰকুঁৱেৰী পোৱাৰ সময়তে ৫ জন যুৱকে নিজকে কৰ বিষয়া বুলি পৰিচয় দি ট্ৰাকখন আৱদ্ধ কৰে আৰু ট্ৰাকৰ চালকজনক গাড়ীৰ পৰা নমাই এখন চাৰিচকীয়া বাহনত উঠাই খ্ৰীষ্ঠানবস্তিস্থিত কাৰ্যালয়লৈ লৈ যায়।

কিন্তু ট্ৰাকৰ চালকজনক দুৰ্বৃত্তৰ দলটোৱে খ্ৰীষ্টানবস্তিৰ কাৰ্যালয়লৈ নিয়াৰ পৰিৱৰ্তে বহু সময় ধৰি গুৱাহাটীৰ ভিতৰতে ঘূৰাই থাকি অৱশেষত নাৰেংগীৰ ফৰেষ্টগেটত নমাই দি তাৰ পৰা উধাও হয়।

photo1661405295 2
কৰ বিষয়া বুলি পৰিচয় দি মহানগৰীৰ মাজমজিয়াৰ পৰা ৫ যুৱকে হাইজেক কৰিছিল ৭৮ লাখ টকা মূল্যৰ পাণমছলাভৰ্তি ট্ৰাক, ৩ জনক গ্ৰেপ্তাৰ 5

ইয়াৰ পিছতে ট্ৰাকৰ চালকজনে ফোন কৰি কোম্পানীত এই বিষয়ে অৱগত কৰাত গুৱাহাটীস্থিত কোম্পেনীৰ মেনেজাৰ মনৰূপ পুনীয়াই নুনমাটি থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। তাৰ পিছথে আৰক্ষীয়ে ৩৭০/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি নিশাই অভিযান চলাই ফৰেষ্টগে’টৰ পৰা খালী ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

ইফালে ঘটনা সন্দৰ্ভত অধিক ক্ষীপ্ৰতাৰে তদন্ত চলাই আৰক্ষীয়ে বিজিৰ এটা গুদামৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় সামগ্ৰীখিনি। একে সময়তে আৰক্ষীয়ে ট্ৰাক হাইজেকৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজনক সোধাপোছাৰ বাবে আটক কৰে।

photo1661405295 3
কৰ বিষয়া বুলি পৰিচয় দি মহানগৰীৰ মাজমজিয়াৰ পৰা ৫ যুৱকে হাইজেক কৰিছিল ৭৮ লাখ টকা মূল্যৰ পাণমছলাভৰ্তি ট্ৰাক, ৩ জনক গ্ৰেপ্তাৰ 6

আৰক্ষীয়ে ট্ৰাকৰ হাইজেকৰ অভিযোগত চূণচালিৰ বিজিত চৌধুৰী (৩৮) আৰু নুনমাটি শালবাৰীৰ প্ৰণৱ দাস (৪৫) নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছে। অন্যহাতে সাতগাঁঁও লুইত নগৰৰ সাগৰ সৰকাৰ (৩৫) নামৰ আন এজন অভিযুক্তকো সোধাপোছাৰ বাবে আটক কৰিছে নুনমাটি আৰক্ষীয়ে।

এই ঘটনাৰ সৈতে জড়িত আন দুজন অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে যদিও এতিয়াও দুয়োজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।