ই-ৰিক্সা চালকলৈ চৰকাৰৰ সকাহ! স্থগিত ৰখা হ’ল এ.পি.ডি.চি.এলৰ নিৰ্দেশনা…

অৱশেষত স্থাগিত ৰখা হ’ল ই-ৰিক্সা সন্দৰ্ভত জাৰি কৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিৰ্দেশনা।

ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে ৰাজ্য চৰকাৰে উক্ত নিৰ্দেশনা স্থগিত ৰখাৰ সিদ্ধন্ত গ্ৰহণ কৰিছে।

image 179
ই-ৰিক্সা চালকলৈ চৰকাৰৰ সকাহ! স্থগিত ৰখা হ’ল এ.পি.ডি.চি.এলৰ নিৰ্দেশনা... 2

এই সন্দৰ্ভত স্পষ্টীকৰণ দিলে ৰাজ্য চৰকাৰে- ‘এয়া কেৱল ৰহা সংমণ্ডলে জাৰি কৰা জাননী। সমগ্ৰ অসমৰ বাবে দিয়া হোৱা নাছিল। অৱশ্যে বৰ্তমান স্থগিত ৰখা হৈছে নিৰ্দেশনা।’

উল্লেখ্য যে ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ যিসকল বিদ্যুৎ গ্রাহকে নিজৰ ঘৰত ই-ৰিক্সাৰ বেটাৰী চাৰ্জ দিবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছে তেওঁলোকক অতি শীঘ্ৰেই LT Electric Vehicle Charging শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাই ৰহা বিদ্যুৎ উপ-সংমণ্ডলে জাৰি কৰিছিল এক জাননী।

অন্যথা ঘৰুৱা সংযোগৰ পৰা ই-ৰিক্সা চাৰ্জত বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহক সকলৰ বিৰুদ্ধে ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও গোহাৰীত উল্লেখ কৰা হৈছিল।