নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী শিক্ষয়িত্ৰীৰ।
প্ৰতিদিনৰ দৰেই স্কুটীৰে স্কুললৈ যাত্ৰা কৰাৰ সময়তে দুৰ্ভাগ্যবশতঃ ট্ৰাকৰ চেপাত প্ৰাণ গ’ল শিক্ষয়িত্ৰী নম্ৰতা সিঙৰ।
এই দুৰ্ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ অযােধ্যা।

জানিব পৰা মতে, অহা ফেব্ৰুৱাৰী মাহত বিয়াৰ দিন ঠিক হৈছিল উত্তৰ প্ৰদেশৰ অম্বেডকাৰ নগৰৰ বাসিন্দা নম্ৰতা সিঙ (২৭) নামৰ শিক্ষয়িত্ৰীগৰাকীৰ।
জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৮:৩০ বজাত অযোধ্যা আৰক্ষী থানা মহাৰাজগঞ্জ অঞ্চলৰ অন্তৰ্গত পুৰা বজাৰ এলেকাৰ স্থানীয় বজাৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা।

জানিব পৰা মতে, নম্ৰতা সিঙ নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে ফৈজাবাদত এটা ভাড়াঘৰত বাস কৰিছিল।
ইয়াৰ পৰাই শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰতিদিনে সমীপৱৰ্তী দামোদৰপুৰ কম্পোজিং স্কুললৈ পাঠদানৰ বাবে গৈছিল।
জানিব পৰা মতে, অযোধ্যা আৰক্ষী থানা মহাৰাজগঞ্জ অঞ্চলৰ বজাৰ এলেকাত চাৰি লেনৰ পথৰ বাবে কালভাৰ্ট নিৰ্মাণৰ কাম চলি আছিল।
নিজৰ স্কুটীৰে স্কুললৈ যাত্ৰাৰ কৰাৰ সময়তে কালভাৰ্টৰ নিচেই সমীপত শিক্ষয়িত্ৰীগৰাকীৰ স্কুটী নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত সােমাই পৰে।
স্থানীয় লােকৰ লগতে নিৰ্মাণ কাৰ্যত জড়িত লােকসকলে ট্ৰাকখনক জেচিবিৰে আঁতৰ কৰে যদিও শিক্ষয়িত্ৰীগৰাকীৰ প্ৰাণৰক্ষাত ব্যৰ্থ হয়।
পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।










2 thoughts on “কৰ্তব্যস্থলীলৈ যােৱাৰ পথত দুৰ্ঘটনাত মৃত্যু স্কুটী আৰােহী শিক্ষয়িত্ৰীৰ, ফেব্ৰুৱাৰীত ঠিক হৈছিল বিয়া”
Comments are closed.