ৰাষ্ট্ৰীয়অসমীয়া

কৰুণ ঘটনা! ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৭ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

জুপুৰীত শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিল শিশুসহ এটা পৰিয়ালৰে ৭ জনকৈ লােকৰ।

এই শােকাৱহ ঘটনা মঙলবাৰে নিশা পাঞ্জাবৰ লুধিয়ানাৰ টিব্বা ৰোড স্থিত মক্কাৰ কলনীত সংঘটিত হয়।

আৱৰ্জনাৰ স্তূপৰ কাষতে থকা এটা জুপুৰীত বাস কৰিছিল এই দৰিদ্ৰ পৰিয়ালটাে।

p4 8

মৃতসকলৰ ভিতৰত পিতৃ-মাতৃৰ লগতে ৪ কন্যা শিশু আৰু এজন ল’ৰা সন্তান আছে।

পৰিয়ালটােৰ মাত্ৰ এজন সদস্য জীয়াই আছে যিজন তেওঁৰ বন্ধুৰ ঘৰত শুবলৈ গৈছিল।

নিহতসকলৰ নামঃ সুৰেশ চাহনী (৫২), তেওঁৰ পত্নী অৰুণা দেৱী (৫২), কন্যা ৰাখী (১৫), মনীষা (১০), গীতা (৮), চান্দা (৫) আৰু দুবছৰীয়া পুত্ৰ ছানী।

photo 2022 04 20 11 49 28

এই ঘটনাক আৰক্ষীয়ে এই ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে।

মৃত সুৰেশ চাহনীৰ পুত্ৰ ৰাজেশ চাহনীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ পিতৃ মূলতঃ বিহাৰৰ সমস্তিপুৰৰ বাসিন্দা।

বিগত ১৫ বছৰ ধৰি তেওঁলোকে উক্ত অঞ্চলত আৱৰ্জনাৰ পেলােৱা ঠাইৰ কাষত জুপুৰী সাজি বসবাস কৰি আছিল।

নিশা পৰিয়ালটােৱে একেলগে আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ বজাত সকলােৱে টােপনি গৈছিল।

জ্যেষ্ঠ পুত্ৰ ৰাজেশ নিশা তেওঁৰ বন্ধুৰ ঘৰত শুবলৈ গৈছিল।

ৰাতি প্ৰায় ১ মান বজাত ঘৰখনক ভয়ংকৰ জুইয়ে আগুৰি ধৰিছিল।

ঘৰৰ মানুহৰ চিঞৰ-বাখৰ শুনা গৈছিল অঞ্চলটােত। কিন্তু দুৰ্ভাগ্যবশতঃ পৰিয়ালৰ কােনাে লােককে জীৱন্তে উদ্ধাৰ কৰা সম্ভৱ নহ’ল।

লগতে চাওকঃ

দৰাৰ গালত প্ৰচণ্ড চৰ কইনাৰ! কাৰণ জানি আচৰিত হ’ব আপুনিও, ভাইৰেল ভিডিঅ’…

G4 15

Leave a Reply

Your email address will not be published. Required fields are marked *