অসম

NIAৰ গোচৰৰ পৰা ৰেহাই পাবলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অখিল গগৈয়েঃ কমল মেধি…

অখিল গগৈয়ে NIAৰ গোচৰৰ পৰা মুক্তি পাবলৈহে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

বুধবাৰে সংবাদমেলযোগে এই বিস্ফোৰক মন্তব্য কৰিছে কমল কুমাৰ মেধিয়ে।

ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি কমল কুমাৰ মেধিয়ে ইটোৰ পিছত সিটো বিস্ফোৰণেৰে থকাসৰকা কৰিছে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈক।

কমল মেধিয়ে কয়, ‘ৰাইজৰ দল আৰু জাতীয় পৰিষদ বিজেপিয়ে খোলা বুলি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি আহিছে৷ নাজানো এয়া কিমান দূৰ সচা! কিন্তু এটা কথা, অখিল গগৈয়ে NIAৰ গোচৰৰ পৰা মুক্তি পাবলৈ যে নিৰ্বাচনত উঠিছিল সেয়া সত্য৷’

ইমানেই নহয় অখিল গগৈয়ে জেলৰ পৰা ওলাবলৈ জনমত গঠনৰ বাবেহে ৰাইজৰ দল খুলুছিল বুলি কমল কুমাৰ মেধিয়ে অভিযোগ কৰে।

কমল মেধিৰ অভিযোগ, ‘ঘটনাক্ৰমেহে ৰাইজৰ দলটো গঠন হৈছিল৷ হয়তো অখিলে জে’লৰ পৰা ওলাবৰ বাবেহে দলটো খুলিছিল! তাৰ বাহিৰে একো নহয়।’ 

Leave a Reply

Your email address will not be published. Required fields are marked *