অসমীয়াঅসম

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ দুস্প্ৰাপ্য হলৌ বান্দৰৰ মৃত্যু

নিউজ ডেস্কঃ কৰিমগঞ্জ জিলাৰ মোকামটিলাৰ ভাৰত-বাংলাদেশ সীমান্তত শুকুৰবাৰে পুৱা দুটি হলৌ বান্দৰৰ মৃতদেহ। সীমান্তৰ কাঁইটীয়া বেৰৰ কাষতে দুটা হলৌ বান্দৰ মৃতদেহ প্ৰত্যক্ষ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।

একেটা স্থানতে আন এটা হলৌ বান্দৰো গুৰুতৰভাৱে আহত হৈ পৰি থকা প্ৰত্যক্ষ কৰে জোৱানসকলে।

পুৱা প্ৰায় ১০.৩০ বজাত বিএছএফৰ জোৱানে হলৌ বান্দৰ কেইটা প্ৰত্যক্ষ কৰাৰ পিছতে আহত বান্দৰটোক পাথাৰকান্দি পশু চিকিৎসা কেন্দ্ৰলৈ লৈ আনে আৰু চিকিৎসাৰ অন্তত পুনৰ জংঘলত এৰি দিয়া হয়। তিনিওটা হলৌ বান্দৰ বিদ্যুৎস্পৃষ্ট হৈছিল। যাৰ ফলত দুটা বান্দৰৰ মৃত্যু ঘটে বুলি চিকিৎসকে জানিবলৈ দিয়ে।

holow bandor

অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰধান অধ্যাপক পাৰ্থংকৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, হলৌ বান্দৰ এতিয়া বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী হৈ পৰিছে।

উজনি অসমৰ লগতে বৰাক উপত্যকা, বাংলাদেশ আৰু অৰুণাচল প্ৰদেশৰ অৰণ্যতহে হলৌ বান্দৰ কিছু কিছু পৰিমাণে পোৱা যায় বুলি জানিবলৈ দিয়ে অধ্যাপক গৰাকীয়ে।

photo1651294836

ইফালে ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰচুৰ বনাঞ্চল আৰু জনসমাগম অতি কম হোৱাৰ বাবে এই এলেকাত যথেষ্ট সংখ্যক হলৌ বান্দৰ পোৱা যায়। দুস্প্ৰাপ্য হলৌ বান্দৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী সময়ে সময়ে কৰি আহিছে বন্যপ্ৰানী প্ৰেমীসকলে।

আনহাতে সীমান্তত হলৌ বান্দৰ দুটি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাৰ কাৰণ সন্দৰ্ভতো এক তদন্ত কৰিবলৈ বন বিভাগক আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *