অসম

অসম আৰক্ষীৰ বৃহৎ সাফল্য, ২৩ কোটি টকাৰ হিৰ’ইন জব্দ…

অসম আৰক্ষীৰ বৃহৎ সাফল্য।

এক দুই কোটি নহয়, একেবাৰে ২৩ কোটি টকাৰ হিৰ’ইন জব্দ অসম আৰক্ষীৰ।

শনিবাৰে আৰক্ষীয়ে দুই ঠাইত অভিযান চলাই মুঠ ২৩ কোটি টকাৰ হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে।

শ্ৰীৰামপুৰ আৰু মৰিগাঁৱত দুটা পৃথক অভিযানত এই সফলতা লাভ কৰে অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই টুইট যোগে সদৰি কৰিছে এই কথা।

ড্ৰাগছ সৰবৰাহকাৰীয়ে ট্ৰাকৰ তেলৰ টেংকাৰৰ ভিতৰত লৈ আনিছিল ড্ৰাগছ খিনি। মুঠ জব্দকৃত হিৰ’ইন খিনিৰ ওজন ৩.৬ কিলোগ্ৰাম।

Leave a Reply

Your email address will not be published. Required fields are marked *