অসম

অধ্যাপক ৰাজীৱ মোহন পন্টক অসম বিশ্ববিদ্যালয় নতুন উপাচাৰ্য হিচাপে নিযুক্তি….

অধ্যাপক ৰাজীৱ মোহন পন্টক অসম বিশ্ববিদ্যালয় নতুন উপাচাৰ্য হিচাপে নিযুক্তি

অৰুণাচল প্ৰদেশৰ নিৰজুলিস্থিত নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজীৰ (এনইআৰআইএছটি) অধ্যাপক ৰাজীৱ মোহন পন্টক শিলচৰৰ অসম বিশ্ববিদ্যালয় নতুন উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

২০১৬ চনৰ মে’ৰ পৰা দায়িত্ব পালন কৰি অহা উপাচাৰ্য অধ্যাপক দিলীপ চন্দ্ৰ নাথৰ অৱসৰৰ পিছত নতুন উপাচাৰ্য হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে অধ্যাপক ৰাজীৱ মোহন পন্টক।

১৪ জানুৱাৰীত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা এখন পত্ৰত কোৱা হৈছে যে অধ্যাপক পন্ট কাৰ্যালয়ত যোগদান কৰাৰ তাৰিখৰ পৰা পাঁচ বছৰৰ বাবে বা ৭০ বছৰ বয়স নোহোৱালৈকে অসম বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হৈ থাকিব।

অসম বিশ্ববিদ্যালয়ৰ আইনৰ দ্বাৰা প্ৰদান কৰা ক্ষমতাৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে তেওঁক উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰে।

নতুন উপাচাৰ্যৰ চৰ্তাৱলী আৰু নিয়মাৱলী বিশ্ববিদ্যালয়ৰ আইন আৰু অধ্যাদেশত উল্লেখ কৰা অনুসৰি নিৰ্ণয় হব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অধ্যাপক পন্ট ২০১৪ চনৰ পৰা ২০২১ চনলৈ গুৱাহাটীৰ উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ সঞ্চালক (ডেপুটেশন) হিচাপে কৰ্তব্যৰত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *