অসম

ক্ষমতাই মূৰত ধৰিছে পীয়ুষ হাজৰিকাৰ, অযোগ্য মানুহ উচ্চ পদবী পালে এনে হয়ঃ অখিল গগৈ…

সমাগত পৌৰসভা নিৰ্বাচন।

নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে এইবাৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক তীক্ষ্ণ সমালোচনা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে কয়- ‘ক্ষমতাই মূৰত ধৰিছে পীয়ুষ হাজৰিকাৰ। অযোগ্য মানুহ এজনে উচ্চ পদবী পালে এনে হয়। পীয়ুষ হাজৰিকাই নিজকে অসমৰ ডন বুলি ভাবে।’

লগতে তেওঁ কয়- পীয়ুষ হাজৰিকাই নাজানে যে, শিৱসাগৰৰ মানুহে তেওঁৰ কথা নুশুনে। তেওঁ নাজানে যে, অসমৰ খিলঞ্জীয়া মানুহে বিজেপিক ভাল নাপায়।’

অখিল গগৈয়ে কয়- বিজেপিয়ে ভয় খাইছে, যাৰ বাবে সমষ্ট দিশপুৰ খন আজি শিৱসাগৰত আহি উপস্থিত হৈছে, লাখ লাখ টকা তেওঁলোকে খৰচ কৰিছে, মানুহৰ ঘৰে ঘৰে এহেজাৰ এহেজাৰকৈ টকা বিলাইছে। কিন্তু তেওঁলোক জয়ী হ’ব নোৱাৰে।

পীয়ুষ হাজৰিকাই অখিল গগৈলৈ কিয় ইমান ভয় কৰে বুলিও প্ৰশ্ন কৰে অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *