প্ৰকাণ্ড গছ পৰি প্ৰাথমিক বিদ্যালয়ৰ দহজন ছাত্ৰ-ছাত্ৰী আহত

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা।

প্ৰাথমিক বিদ্যালয়ত কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানত ব্যস্ত থকাৰ সময়তে প্ৰতিবেশী বাসিন্দাই কটা গছ পৰি আহত ১੦ জন ছাত্ৰ-ছাত্ৰী।

এই ঘটনা সংঘটিত হ’ল গােলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খুমটাইৰ কমাৰগাঁৱৰ নগাবালি প্ৰাথমিক বিদ্যালয়।

p5 5
প্ৰকাণ্ড গছ পৰি প্ৰাথমিক বিদ্যালয়ৰ দহজন ছাত্ৰ-ছাত্ৰী আহত 4

সোমবাৰে দিনৰ প্ৰায় ১১ বজাত বিদ্যালয়খনৰ কাষৰ এজোপা প্ৰকাণ্ড গছ বিদ্যালয়খনৰ পাঠদান চলি থকাৰ সময়তে বাগৰি পৰাত বিদ্যালয়খনৰ দহ জন ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে নগাবালি প্ৰাথমিক বিদ্যালয়ৰ কাষে ৰাজু ছেত্ৰী নামৰ লোকজনে কৰতীয়া লগাই নিজৰ বাৰীত গছ কাটি থকা অৱস্থাত হঠাৎ পছজোপা বিদ্যালয়খনৰ গৃহত পৰে।

p6 2
প্ৰকাণ্ড গছ পৰি প্ৰাথমিক বিদ্যালয়ৰ দহজন ছাত্ৰ-ছাত্ৰী আহত 5

ইয়াৰ ফলত বিধ্বস্ত হৈ পৰে শ্ৰেণী কােঠা।

এই ঘটনাত প্ৰাথমিক বিদ্যালয়খনৰ অংকুৰ দাস, বিদুৰ দাস, দীম্পল গগৈ, বিকাশ বৰা, ৰাকেশ দাস, জ্যেতিষ্মায়া দাস, বিৰিশা দাস, মানসজ্যোতি দাস, নমিতা দাস আৰু কৃষ্ণা দাসক তাৎক্ষিকভাৱে ১০৮ সেৱাৰ লগতে এখন ব্যক্তিগত গাড়ীৰ সৈতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

G2 19
প্ৰকাণ্ড গছ পৰি প্ৰাথমিক বিদ্যালয়ৰ দহজন ছাত্ৰ-ছাত্ৰী আহত 6

ইয়াৰে অংকুৰ দাসক সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

আনকেইজনক বোকাখাত কমলামিৰি অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave a Comment