
জটিল ৰোগত আক্ৰান্ত কিশোৰ দাসলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২.৫০ লাখ টকাৰ সাহায্য
কৰ্কট ৰোগৰ সৈতে যুঁজি হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে জনপ্ৰিয় অভিনেতা কিশোৰ দাস।
অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা সুদৰ্শন অভিনেতাগৰাকীৰ অসুস্থতাই ব্যথিত কৰিছে তেওঁৰ অলেখ অনুৰাগীক।

অভিনেতা কিশোৰ দাসলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২.৫০ লাখ টকাৰ আৰ্থিক সাহায্য।
মুখ্যমন্ত্ৰীৰ হৈ বিধায়ক হেমাংগ ঠাকুৰীয়াই কিশোৰ দাসৰ পৰিয়ালক আগবঢ়ালে চেক।
লগতে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে অভিনেতা যতীন বৰা, সীমান্ত শেখৰ আৰু শ্যামন্তিকাই।
লগতে অসম চলচ্চিত্ৰ উদ্যোগ নিগমৰ পৰা অভিনেতাগৰাকীলৈ আগবঢ়োৱা হয় ১ লাখ টকাৰ সাহায্য।





