অসমীয়াৰাষ্ট্ৰীয়

কোভিডত মৃত্যু ঘটিছিল পিতৃ-মাতৃৰ! এতিয়া পিতৃয়ে লোৱা হোম লোনৰ বকেয়া ধন বিচাৰি ১৭ বছৰীয়া বনিষালৈ জাননী LICৰ

নিউজ ডেস্কঃ কোভিডে প্ৰাণ কাঢ়ি নিছিল পিতৃ-মাতৃৰ। তাৰ পিছত কণমানি ভাতৃৰ দায়িত্ব মূৰ পাতি লৈ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল মধ্যপ্ৰদেশৰ ভূপালৰ বনিষা পাঠক নামৰ কিশোৰীগৰাকীৰ।

অকালতে পিতৃ-মাতৃ দুয়োকে হেৰুওৱাৰ পিছতো ভাগি পৰা নাছিল বনিষা। দৃঢ়তাৰে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান প্ৰাপ্ত কৰিছিল বনিষাই।

পিতৃ-মাতৃক হেৰুওৱাৰ পিছৰে পৰা ১০ বছৰীয়া ভাতৃক লগত লৈ মোমায়েক অধ্যাপক অশোক শৰ্মাৰ ঘৰত বাস কৰি আহিছে বনিষাই।

দশম শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰীগৰাকীয়ে লাভ কৰা সফলতাই তেওঁৰ মুখত এক্ষন্তেকৰ বাবে হাঁহি বিৰিঙাইছিল যদিও এতিয়া পুনৰ দুৰ্যোগৰ অমানিশা নামি আহিছে বনিষাৰ জীৱনলৈ।

image 73

উল্লেখ্য যে, বনিষাৰ পিতৃ জিতেন্দ্ৰ পাঠক আছিল এল আই চিৰ এজেণ্ট। তেওঁ মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল বীমা ক্লাবৰো সদস্য আছিল।

গৃহ নিৰ্মাণৰ বাবে জিতেন্দ্ৰ পাঠকে এলআইচিৰ পৰা এটা হোম লোন লৈছিল যদিও লোন সম্পূৰ্ণ পৰিশোধ কৰাৰ পূৰ্বেই ২০২১ চনৰ মে’ মাহত জিতেন্দ্ৰৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।

আনহাতে পিতৃৰ মৃত্যুৰ কিছুদিন পিছতে বনিষাই হেৰুৱায় মাতৃ সীমা পাঠককো। তেওঁৰো কোভিড আাক্ৰান্ত হৈ মৃত্যু ঘটে।

এতিয়া পিতৃয়ে লোৱা হোম লোনৰ বকেয়া ৰাশি পৰিশোধৰ বাবে আইনী জাননী লাভ কৰি বিপাঙত পৰিছে ১৭ বছৰীয়া বনিষা পাঠক।

জানিব পৰা মতে, যোৱা কিছু মাহৰ পৰা বনিষালৈ প্ৰেৰণ কৰি আহিছে ইখনৰ পিছত সিখন আইনী জাননী। বকেয়া ২৯ লাখ টকা পৰিশোধ নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়নী প্ৰদান কৰা হৈছে।

image 74

বনিষাই এলআইচিলৈ পত্ৰ লিখি এই বৃহৎ পৰিমাণৰ ধনৰাশি পৰিশোধ কৰাটো সম্ভৱ নহয় বুলি অৱগত কৰাৰ পিছতো কিশোৰীগৰাকীলৈ ইখনৰ পিছত সিখন আইনী জাননী প্ৰেৰণ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত বনিষাই শেহতীয়াকৈ এলআইচিৰ ওচৰত অভিযোগ দাখিল কৰাত ভূপালৰ এল আই চিৰ বিষয়াসকলে বনিষাকক মৌখিকভাৱে আশ্বস্ত কৰে।

বনিষা প্ৰাপ্তবয়স্ক নোহোৱা পৰ্যন্ত পৰৱৰ্তী জাননী প্ৰেৰণ কৰা নহয় বুলি জনোৱা হৈছে কিশোৰীগৰাকীক।

লগতে চাওকঃ

পুনৰ গাঁৱলৈ ওভতি নাহিল ফুলৰ মালা পিন্ধাই গাঁওবাসীয়ে বিদায় জনােৱা ২৬ জন বয়ােজ্যেষ্ঠ তীৰ্থযাত্ৰী…

G4 2

Leave a Reply

Your email address will not be published. Required fields are marked *