অসমীয়াঅসম

কি চাৰিটা ‘C’ থাকিলেহে আম আদমী পাৰ্টীত যোগদান কৰিব পাৰিব অখিল গগৈয়ে? ক’লে কমল মেধিয়ে

নিউজ ডেস্কঃ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আম আদমী পাৰ্টীত যোগদান কৰিব বুলি একাংশই চলাই থকা চৰ্চাৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আপৰ নেতা কমল মেধিয়ে।

অখিল গগৈৰ সৈতে যোগদান সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে একালৰ অখিল গগৈৰ সহযোগী কমল মেধিয়ে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত আম আদমী পাৰ্টীৰ অসম প্ৰদেশৰ নেতাগৰাকীয়ে কয় যে কোনো এজন ব্যক্তিয়ে আপত যোগদান কৰাৰ পূৰ্বে তেওঁৰ চাৰিটা ‘C’ৰ ওপৰত গুৰুত্ব দিয়া হয়। সেই কেইটা হৈছে- কৰাপটেড, কমিউনেল, ক্ৰিমিনেল আৰু কেৰেক্টাৰ।

আম আদমী পাৰ্টীত যোগদান কৰিব বিচাৰিলে তেওঁ দুৰ্নীতিগ্ৰস্ত, সাম্প্ৰদায়িক আৰু অপৰাধী আৰু চৰিত্ৰহীন হ’ব নালাগিব বুলি মন্তব্য কৰে কমল মেধিয়ে।

অখিলে গগৈয়ে আম আদমী পাৰ্টীত যোগদান কৰিব বিচাৰিলে তেওঁৰো এই চাৰিটা ‘C’ আছেনে নাই সেই সন্দৰ্ভত প্ৰথমে দলৰ ভিতৰত আলোচনা কৰা হব বুলিও মন্তব্য কৰে আপৰ নেতাগৰাকীয়ে।

মেধিয়ে লগতে এয়াও কয় যে ৰাজ্যৰ কেইবাগৰাকীও নাম থকা ব্যক্তিয়ে বিগত সময়ছোৱাত আপত যোগদান কৰিবলৈ যোগাযোগ কৰিছিল যদিও তেওঁলোকৰ এই চাৰিটা ‘C’ৰ অভাৱৰ বাবে যোগদান কৰিবলৈ সক্ষম নহ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *