অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! দুখন যাত্ৰী ভৰ্তি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, এজনৰ মৃত্যু…

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন যাত্ৰী ভৰ্তি বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন লোকৰ কৰুণ মৃত্যু।

নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

475

যাত্ৰী ভৰ্তি টাটা মেক্সিমো আৰু টাটা মবাইলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাৰ ফলত এজন লোকে কৰুণ ভাৱে মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে।

লগতে গুৰুতৰ বাবে আহত হয় শিশু, পুৰুষ আৰু মহিলাসহ ১০ জনকৈ লোক।

আহত সকলক ততাতৈয়াকৈ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয়।

কিন্তু তাৰ ভিতৰত তিনিগাৰকী যাত্ৰীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

G7 1

Leave a Reply

Your email address will not be published. Required fields are marked *