অসম

‘চিক্কি, পিল্লু আৰু মই’, কণমানি সুগন্ধিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলে নিজে লিখা গ্ৰন্থ…

নাজিৰাৰ এগৰাকী ১০ বছৰীয়া কণমানিয়ে দিলে নিজৰ সৃষ্টিশীলতাৰ পৰিচয়।

কণমানি সুগন্ধি উৰুলি বৰুৱাই নিজৰ দহ বছৰীয়া জন্মদিনত নিজে লিখা প্ৰথমখন শিশু গ্ৰন্থ ‘চিক্কি,পিল্লু আৰু মই’ প্ৰকাশ কৰি উলিয়াই।

Image

দেওবাৰে নাজিৰাৰ দিল্লী পাব্লিক স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী সুগন্ধি উৰুলি বৰুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ লগতে প্ৰদান কৰিলে নিজে লিখা ‘চিক্কি, পিল্লু আৰু মই’ শীৰ্ষক গ্ৰন্থখন৷

ইয়াৰ পিছতে নিজৰ অনুভৱ সামাজিক মাধ্যমত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সুগন্ধি উৰুলি বৰুৱা এগৰাকী তীক্ষ্ণ মেধাসম্পন্ন ছাত্ৰী, নিজৰ লেখাৰ মাজেৰে সৃষ্টিশীলতাৰ উমান দিয়া সুগন্ধিৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

উল্লেখযোগ্য যে সুগন্ধি উৰুলি বৰুৱাই দহ বছৰীয়া জন্মদিনত নিজে লিখা প্ৰথমখন শিশু গ্ৰন্থ “চিক্কি,পিল্লু আৰু মই”নামৰ শিশু উপন্যাসখন প্ৰকাশ কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *