অসম

কোনোবাই বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিছে নেকি? ফোন কৰক এই নম্বৰত…

কোনো সংগঠনে এতিয়াৰে পৰা বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিলেই পৰিব বিপদত।

কিয়নো চান্দা সন্দৰ্ভত কঠোৰ হোৱা পৰিলক্ষিত হৈছে তিনিচুকীয়া আৰক্ষী।

টুইট যোগে জিলা খনৰ আৰক্ষীয়ে সদৰি কৰিছে বিশেষ বাৰ্তা।

কোনোবাই বলপূৰ্বকভাৱে চান্দা বিচাৰিলেই কাষ চাপিব পাৰিব আৰক্ষীৰ।

ইয়াৰ ওপৰত তৎক্ষণাত ব্যৱস্থা ল’ব জিলাখনৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ দহোটীয়াই।

এই ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীয়ে মুকলি কৰিছে দুটা ফোন নম্বৰ।

মুকলি কৰা ফোন নম্বৰ দুটা হৈছে ৮১৩৬০-৭৪৮০০(81360-74800) আৰু ৬০২৬৯০১০৯৫ (60269-01095)।

Leave a Reply

Your email address will not be published. Required fields are marked *