অসম

৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ, অসমতো পৰিব প্ৰভাৱ…

ঘণ্টাত ৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ।

ঘূৰ্ণী বতাহক লৈ দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে সতৰ্কবাণী।

দক্ষিণ আন্দামান সাগৰৰ ওপৰেদি আহি আছে ভয়ংকৰ ঘূৰ্ণী বতাহ।

দক্ষিণ আন্দামান সাগৰ আৰু দক্ষিণ-পূব বংগোপসাগৰৰ উপকূলীয় অঞ্চলত পৰিব ঘূৰ্ণী বতাহৰ প্ৰভাৱ।

ওড়িশাৰ ১৮খন জিলাত ইতিমধ্য জাৰি কৰা হৈছে হাই এলাৰ্ট।

৮মে’ত ঘূৰ্ণী বতাহৰ প্ৰকোপ তীব্ৰতৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৰাজ্যখনত।

অসম আৰু পশ্চিম বংগতো ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে।

লগতে ছিক্কিম, মেঘালয়, নাগালেণ্ড আৰু মিজোৰামটো পৰিব ঘূৰ্ণী বতাহৰ প্ৰভাৱ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে এই তথ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *