অসম

কেবিনেটত ডাঙৰ সিদ্ধান্তঃ আজিৰে পৰা অসমত নোহোৱা হ’ব ৰেভীনিউ টাউন শব্দ…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বিশেষ বৈঠক।

বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৈঠকৰ পাছতে মন্ত্ৰী পিয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহৰ সদৰি কৰে।

আজিৰ পৰা অসমত ৰেভীনিউ টাউন শব্দটো নাইকীয়া হ’ব। মিউনিচিপাল বৰ্ড হে টাউন হ’ব।

কিয়নো এই টাউন নিয়মৰ বাবে টাউনৰ পৰ্যায়ত মাটিৰ ক্ষেত্ৰত প্ৰিমিয়াম দিব লগা হৈছিল সকলো লোকে। কিন্তু তাৰ বিপৰীতাে টাউনৰ সুবিধা পোৱা নাছিল।

সেয়ে এতিয়াৰে পৰা সকলাে ঠাই টাইন নহ’ব, কেৱল মিউনিচিপাল বৰ্ড হে টাউন হ’ব।

আনহাতে আজিৰে পৰা গাঁও অঞ্চলত ট্ৰেড লাইচেন্সৰ প্ৰয়োজন নহব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকে।

কিন্তু ইটা ভাটা, সুৰাৰ দোকান, কাৰখানা, হাস্পতাল, মোবাইল টাৱাৰ, বিদ্যালয় আদি খোলাৰ বাবে অননুমতি লব লাগিব।

ইয়াৰ উপৰিও গাওঁ এলেকাত বিল্ডিং বনাবৰ বাবেও অনুমতি লব নালাগে।

আনহাতে বিভিন্ন প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকসকলক মালিকপক্ষয় দিব লাগিব পৰিচয় পত্ৰ আৰু নিয়োগ পত্ৰ।

লগতে কাৰখানাত কোনো অ-স্বাস্থ্যকৰ পৰিৱেশ থাকিলে শ্ৰমিকে এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *