অসম

অসমত গ্ৰেপ্তাৰ ২০০ৰো অধিক গোচৰ ৰুজু থকা দুৰ্ধৰ্ষ মাওবাদী সদস্য…

অসমত গ্ৰেপ্তাৰ ২০০ৰো অধিক গোচৰ ৰুজু থকা দুৰ্ধৰ্ষ মাওবাদী সদস্য।

দেওবাৰে আবেলি কাছাৰ জিলাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যক।

অসমত আটক হোৱা মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য গৰাকীৰ নাম হৈছে অৰুণ কুমাৰ ভট্টাচাৰ্য্য।

কাঞ্চন দা নামেৰে জনপ্ৰিয় অৰুণ কুমাৰ ভট্টাচাৰ্য্য পশ্চিমবংগৰ নাগৰিক।

অৰুণ কুমাৰ ভট্টাচাৰ্য্যৰ লগতে আন এজন মাওবাদী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।

সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিছে আৰক্ষী আয়ুক্ত হাৰমিত সিঙে।

গ্ৰেপ্তাৰ হোৱা অৰুণ কুমাৰ ভট্টাচাৰ্য্যৰ পৰা আৰক্ষীয়ে এটা লেপটপ, বহুকেইটা মোবাইল ফোন আৰু মাওবাদী সম্পৰ্কীয় কিতাপ-পত্ৰ আৰু ৩ লাখ টকা উদ্ধাৰ কৰে।

উল্লেখ্য যে, অৰুণ কুমাৰ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত ২০০ৰো অধিক গোচৰ ৰুজু হৈ থকাৰ লগতে তেওঁৰ বিনিয়মত ৩ কোটি টকাৰ পুৰস্কাৰো ঘোষণা কৰি থোৱা আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *