ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তঃ ১৮ নহয়, ২১ বছৰতহে বিয়া দিব পাৰিব ছোৱালীক…

১৮ নহয়, এতিয়াৰে পৰা ২১ বছৰ বয়সতহে বিয়া দিব পাৰিব ছোৱালীক।

সংসদৰ শীতকালীন অধিৱেশনতেই এই সম্পৰ্কীয় এখন বিধেয়কত উত্থাপন হ’ব।

এই বিধেয়ক আইনলৈ পৰিবৰ্তন হ’লেই ভাৰতত ছোৱালীক বিয়া দিয়াৰ নিম্নতম সীমা ১৮ বছৰৰ পৰিৱৰ্তে ২১ বছৰ হ’ব।

কেবিনেটত অনুমোদিত হোৱা এই বিধেয়ক আইনত পৰিণত হ’লেই ২১ বছৰৰ তলত কোনো ছোৱালীক বিয়া দিলে বা বিয়া কৰোৱালে আইন মতে অপৰাধী হ’ব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে পূৰ্বেই ছোৱালীৰ বিয়া দিয়াৰ নিম্নতম বয়সৰ সীমা ১৮ ৰ পৰিৱৰ্তে ২১ বছৰ হোৱাটো বিচাৰিছিল।

বিগত বছৰৰ স্বাধীনতা দিৱসত তেওঁ লালকিল্লাৰ পৰা এই বিষয়ে তেওঁ দেশবাসীক জনাইছিল। সেই অনুসৰিয়েই বাল্য বিবাহৰ আইন পৰিৱৰ্তন কৰা হ’ব।

বুধবাৰেই অনুষ্ঠিত কেবিনেট বৈঠকত বাল্য বিবাহ আইন সংশোধনী বিধেয়ক অনুমোদিত হৈছে।

ছোৱালীৰ বিবাহৰ সময়সীমা বৃদ্ধিৰ বাবে গঠন কৰা এক কমিটীয়ে প্ৰতিবেদন দাখিল কৰি ছোৱালীৰ বিয়াৰ নিম্নতম বয়সৰ সীমা ২১ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *