ৰাষ্ট্ৰীয়

কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকৰ পৰিয়াললৈ ৩ লাখ টকাকৈ আৰ্থিক সাহায্যৰ ঘোষণা এইখন চৰকাৰৰ…

কৃষকৰ প্ৰতিবাদত সেও মানি অৱশেষত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰে বিতৰ্কিত ৩ কৃষি আইন।

শনিবাৰে এই ৩ আইন বাতিল কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

উল্লেখ্য যে, এই‌ কৃষক আন্দোলনৰ সময়চোৱাত ইতিমধ্যে শ শ কৃষকৰ মৃত্যু হৈছে।

কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰাৰ পিছতেই‌ এইবাৰ আগবাঢ়ি আহিছে তেলেংগানা চৰকাৰ।

কৃষক আন্দোলনৰ সময়ত মৃত্যু হোৱা ‌প্ৰতি গৰাকী কৃষকৰ পৰিয়াললৈ তেলেংগানা চৰকাৰে‌ আগবঢ়াব ৩ লাখকৈ টকা।

তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে এই‌ কথা ঘোষণা কৰাৰ লগতে ২২ কোটি টকা আৱন্টন কৰে।

তদুপৰি আন্দোলনত‌ মৃত্যু হোৱা‌ কৃষকসকলৰ পৰিয়ালক ২৫ লাখকৈ টকা দিয়াৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *