অসম

কীৰ্তিকমল বৰাৰ গুলীচালনাৰ ঘটনাঃ তদন্ত কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে…

শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আৰক্ষীৰ এণ্টি নাৰ্কোটিক স্কোৱাডে চলোৱা গুলীত আহত হয় কীৰ্তিকমল।

সোঁভৰিত গুলী লগা ছাত্ৰ নেতাজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে নিশাই কীৰ্তিকমল বৰাক GMCH ত ভৰ্তি কৰোৱা হয়।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে কীৰ্তিকমলক ষড়যন্ত্ৰমূলকভাৱে গুলীওৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

ইতিমধ্যে গুৱাহাটীৰ পৰা নগাঁৱলৈ ৰাওনা হৈছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।

দুপৰীয়া বাৰ বজাত নগাঁৱত উপস্থিত হোৱাৰ কথা শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙ।

উল্লেখ্য যে, গুলীচালনাৰ ঘটনাক লৈ এন্টি নাৰ্কটিক স্কোৱাৰ্ড এছ আই প্ৰদীপ বনিয়াক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে।

শনিবাৰে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক আৰক্ষী বিষয়া প্ৰদীপ বনিয়াই গুলী চলোৱাৰ অভিযোগ।

Leave a Reply

Your email address will not be published. Required fields are marked *