অসম

প্ৰশিক্ষণৰ সময়ত ভূপতিত বিমান, প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী আহত…

নিউজ ডেস্ক। প্ৰশিক্ষণৰ সময়ত ভূপতিত বিমান, প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী আহত

উত্তৰ প্ৰদেশৰ আলিগড়ত প্ৰশিক্ষণৰ সময়ত ভূপতিত হয় এখন বিমান।

এই দুৰ্ঘটনাত পাইলট আৰু এজন প্ৰশিক্ষাৰ্থী আহত হয়।

photo-2022-01-23-00-05-21

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত আলিগড় মিনি বিমানবন্দৰৰ নিচেই সমীপত পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় দুজনীয়া আৰোহীৰ বিমানখন। ঘন কুঁৱলীৰ বাবে প্ৰশিক্ষণ বিমানখন ভূপতিত হোৱাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, মিনি বিমানবন্দৰৰ পৰা বিভিন্ন ব্যক্তিগত বিমান কোম্পানীয়ে শিক্ষাৰ্থীসকলক বিমান উৰাবলৈ প্ৰশিক্ষণ দিয়ে।

বাতৰি অনুসৰি, আলিগড়ত প্ৰশিক্ষণৰ মাজতে এখন দুখন আসনৰ বিমান দুৰ্ঘটনাত পতিত হয়।

উৰণৰ পিছত কুঁৱলীৰ বাবে বিমানখন পথাৰত বাগৰি পৰে। যাৰ ফলত বিমানৰ ভিতৰত থকা প্ৰশিক্ষক পাইলট চোৰেন আৰু প্ৰশিক্ষাৰ্থী অৰুণ যাদৱ সামান্য পৰিমানে আহত হয়।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Reply

Your email address will not be published. Required fields are marked *