কিংবদন্তি ফুটবলাৰ পেলেৰ দেহাৱসান, শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰগৰাকীৰ ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

কিংবদন্তি ফুটবলাৰ পেলেৰ দেহাৱসান।

চিকিৎসাধীন অৱস্থাতে ৮২ বছৰ বয়সত মৃত্যু

শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰগৰাকীৰ ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পেলে।

১৯৪০ৰ ২৩ অক্টোবৰত ব্ৰাজিলত জন্ম লাভ কৰা পেলেই ব্ৰাজিলৰ হৈ ১৯৫৮ত খেলিছিল প্ৰথম বিশ্বকাপ।

দেশৰ হৈ ৪ বাৰকৈ বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছিল পেলেই।

image 181
কিংবদন্তি ফুটবলাৰ পেলেৰ দেহাৱসান, শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰগৰাকীৰ ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ... 2

৪ বাৰ প্ৰতিনিধিত্ব কৰি ৩ বাৰেই বিশ্বকাপ জয় কৰিছিল পেলেই।

১৯৫৮, ১৯৬২ আৰু ১৯৭০ত বিশ্বকাপ জয়ী দলৰ সদস্য আছিল পেলে।

১৯৯৫ৰ পৰা ১৯৯৮লৈ ব্ৰাজিলৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বতো আছিল পেলে।

বিশ্বকাপত ব্ৰাজিলৰ হৈ ১২টা গ’ল কৰিছিল পেলেই। ৯২খন আন্তঃৰাষ্ট্ৰীয় মেচত গ’ল কৰিছিল ৭৭টা।

পেলেৰ শিৰত বিশ্ব ফুটবলৰ সৰ্বাধিক ৯২ বাৰ হেট্ৰিকৰ ৰেকৰ্ড।