সাৱধান! বনভোজলৈ গ’লে মানিব লাগিব এই ১৭টা নিয়ম, কি কি এতিয়াই জানি লওক…

বনভোজ খাবলৈ গ’লে এতিয়াৰে মানিব লাগিব কেতবোৰ নিয়ম।

মহানগৰীৰ বনভোজস্থলীত বনভোজ খাবলৈ যোৱা দলৰ বাবে প্ৰশাসনে বান্ধি দিছে নীতি–নিৰ্দেশনা।

নভোজৰ দলে প্ৰশাসনৰ অনুমতি লৈয়ে বনভোজ খাবলৈ যাব পাৰিব।

তাৰ উপৰি আন বহুকেইটা নিয়ম বান্ধি দিছে প্ৰশাসনে। সেই সমূহ হ’ল—–

১. প্ৰশাসনৰ অনুমতি বাধ্যতামূক।
২. নিষিদ্ধ সুৰাপান আৰু চিগাৰেট সেৱন।
৩. উচ্চ প্ৰাৱল্যত বজাব নোৱাৰিব গীত–মাত।
৪. বনভোজস্থলীত নিষিদ্ধ জুৱাকে ধৰি অনৈতিক কাৰ্যকলাপ।
৫. মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা ল’ব লাগিব অনুমতি।
৬. বনভোজস্থলীৰ সমীপৰ নদ–নদীত নমাত নিষেধাজ্ঞা।
৭. কৰিব নোৱাৰিব দ্বীপৰ বিললৈ ভাবুকি অনা কোনো কাম।
৮. ক্ষতি হ’ব নোৱাৰিব বনভোজস্থলীৰ সা–সম্পত্তি।
৯. পৰিৱেশলৈ ভাবুকি অনা সকলো কাৰ্যত নিষেধাজ্ঞা।
১০. অনুমতি বিনে বিক্ৰী কৰিব নোৱাৰিব খাদ্য সামগ্ৰী।
১১. বনভোজস্থলীত আতচবাজীৰ ব্যৱহাৰত নিষেধাজ্ঞা ।
১২. বনভোজস্থলীত সাজিব নোৱাৰিব টেণ্ট।
১৩. পৰিস্কাৰ কৰি আহিব লাগিব বনভোজ খোৱা স্থান।
১৪. কেৱল পোহৰৰ বাবেহে ল’ব পাৰিব বিদ্যুৎ সংযোগ।
১৫. চাইকেলৰ লগতে চলাব নোৱাৰিব কোনো বাহন।
১৬. নিষিদ্ধ ধৰ্মীয় অথবা ৰাজনৈতিক অনুষ্ঠান।
১৭. বনভোজস্থলীত মাছ মৰা, নাও চলোৱা, সাঁতোৰাত নিষেধাজ্ঞা।