অসমঅসমীয়া

কাৰ্যবাহী দণ্ডাধীশক কাণতলীয়া চৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ!

নিউজ ডেস্ক। আৰক্ষীৰ হাততেই অপদস্থ হল কাৰ্যবাহী দণ্ডাধীশ।

মহানগৰীত এগৰাকী কাৰ্যবাহী দণ্ডাধীশক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

থানাত গোচৰ দিবলৈ অহাৰ সময়তে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে দক্ষিণ শালমৰাৰ কাৰ্যবাহী দণ্ডাধীশ বিভাষ মেধিক।

G07

অভিযোগ অনুসৰি, দণ্ডাধীশ গৰাকীয়ে দলবাৰীৰ কোনো অচিনাক্ত ব্যক্তিৰ পৰা ভাবুকি লাভ কৰিছিল।

ইয়াৰ পিছতে তেওঁ সাতগাওঁ আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ দিবলৈ অহাৰ সময়তে দণ্ডাধীশগৰাকীৰ সৈতে তৰ্কত লিপ্ত হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিত লহকৰে।

সামান্য কথাৰ কটা কটিৰ মাজতে আৰক্ষী বিষয়াজনে দণ্ডাধীশ গৰাকীক শাৰীৰিকভাবে অপদস্থ কৰাৰো অভিযোগ উত্থাপন হৈছে।

ইফালে এই ঘটনাৰ পিছতে অভিযুক্ত আৰক্ষী বিষয়া প্ৰাণজিত লহকৰক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে চাওকঃ

হাস্পতালৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ ডকাইতক ধৰি পুৰস্কৃত হ’ল দুই সুৰক্ষা কৰ্মী…

G03 1

Leave a Reply

Your email address will not be published. Required fields are marked *