অসমঅসমীয়া

হাস্পতালৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ ডকাইতক ধৰি পুৰস্কৃত হ’ল দুই সুৰক্ষা কৰ্মী…

নিউজ ডেস্ক। আৰক্ষীৰ চকুৰ ধূলি দি হাস্পতালত পৰা পলায়ন কৰা গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইতক পুনৰ ধৰিলে হাস্পতালৰ সুৰক্ষা কৰ্মীয়ে।

এনে সাহসিকতাৰ বাবে প্ৰশংসাৰ পাত্ৰ হ’ল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰাপত্তাত নিয়ােজিত দুই সুৰক্ষা কৰ্মী।

এনে সাহসিকতাৰ বাবে জিলা আৰক্ষী অধীক্ষকে দুয়ােজনকে প্ৰদান কৰিলে নগদ ২৫-২৫ হাজাৰ টকা, জনালে সম্বৰ্ধনা।

p4 3

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মৰাণৰ কাছমাৰীত যোৱা ২২ ফেব্ৰুৱাৰীত আৰক্ষীৰ সৈতে এনকাউণ্টাৰত আহত হোৱা দুৰ্ধর্ষ ডকাইত ভোটকো ওৰফে বিকাশ ওৰফে অৰুণ কুৰ্মী অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা দেওবাৰে পলায়ন কৰিছিল।

এই ঘটনাই হাহাকাৰ লগায় আৰক্ষী মহলত।

G2 10

ইয়াৰ পাছতে অসম চিকিৎসা মহাবিদ্যালয়ত নিয়োজিত সুৰক্ষা কৰ্মী সুনীল বাল্মীকি আৰু দিগন্ত দাসে আত্মগোপন কৰি থকা অৱস্থাত অৰুণ কুৰ্মীক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

G03 1

সােমবাৰে দুয়োজন সুৰক্ষা কৰ্মীক অসম আৰক্ষীৰ তৰফৰপৰা এখনকৈ প্ৰশংসা-পত্ৰ আৰু নগদ ২৫ হাজাৰ টকাকৈ প্ৰদান কৰি কর্মদক্ষতা আৰু সাহসিকতাৰ বাবে সন্মান জনায় ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *