অসমঅসমীয়া

ডাম্পাৰে মহটিয়াই নিলে স্কুটি, থিতাতে মৃত্যু পলটেকনিকৰ ছাত্ৰ অংশুমান…

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত আছে ডাম্পাৰৰ সৈতে অন্যান্য যান-বাহনৰ ভয়ংকৰ দুৰ্ঘটনাৰ।

ধুবুৰী জিলাৰ চাপৰত ডাম্পাৰৰ সৈতে সংঘৰ্ষত দুজন কলেজীয়া ছাত্ৰৰ মৃত্যুৰ এদিন পিছতে পুনৰ ডাম্পাৰে মহটিয়াই নিলে স্কুটী আৰােহী ছাত্ৰ এজনৰ মৃত্যু ঘটে কামৰূপ জিলাৰ ৰঙিয়াত।

p5 3

জানিব পৰা মতে, ৰঙিয়াৰ ওচৰৰ ভাতকুছিত আবেলি প্রায় ৪ বজাত সংঘটিত হয় এই শােকাৱহ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে বাক্সা পলিটেকনিক, মুছলপুৰৰ মেকানিকেল বিভাগৰ তৃতীয় সান্মাষিকৰ ছাত্ৰ অংশুমান বৰ্মন (১৮)ৰ।

p6 3

জানিব পৰামতে, গুৱাহাটীৰ লালগণেশ নিবাসী মহেন্দ্র বৰ্মনৰ পুত্ৰ অংশুমান বর্মনে (১৮) গুৱাহাটীৰ পৰা নিজৰ স্কুটিৰে (এ এছ ০১ ই এম ০৪৭৪) নলবাৰীৰ পলিটেকনিক ইনষ্টিটিউটলৈ গৈ থকা সময়তে একে দিশৰ পৰা গৈ থকা ডাম্পাৰ (এ এছ ২৫ ডি চি ০১৭০) এখনে তেওঁক পিচফালৰ পৰা মহটিয়াই।

ফলত পলিটেকনিকৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হয়।

এজন মেধাবী আৰু অমায়িক ছাত্ৰ অংশুমানৰ এনে অকাল মৃত্যুৰ ঘটনাই পৰিয়ালৰ লগতে আত্মীয়-শুভাকাঙ্খীৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

বিহু বিতৰ্কক লৈ এইবাৰ দিপলীনা ডেকাৰ প্ৰতিক্ৰিয়া, ক’লে…

G06

Leave a Reply

Your email address will not be published. Required fields are marked *