অসম

কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে…

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈছে শাসক বিৰোধী।

অৱশেষত মাজনিশা কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্বৰ নাম ঘোষণা কৰিলে বিজেপিয়ে।

নিশা ১ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সভাপতি ভৱেশ কলিতাই CEM তুলিৰাম ৰংহাঙৰ উপস্থিতিত ঘোষনা কৰিলে প্ৰাৰ্থী তালিকা।

২৬ টা সমষ্টিৰ ২৫ টাৰ বাবেহে ঘোষনা কৰিলে প্ৰাৰ্থীৰ নাম।

হাওৰাঘাট পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰা হোৱা নাই।

হাওৰাঘাটৰ প্ৰাৰ্থীৰ নাম পুৱা ঘোষনা কৰাৰ কথা উল্লেখ কৰে ভৱেশ কলিতাই।

নিশা ১২ বজালৈকে মুখ্যমন্ত্ৰীৰ বাসগৃহত বৈঠক হোৱাৰ পিছত ঘোষনা কৰিলে প্ৰাৰ্থী তালিকা।

No photo description available.

CEM তুলিৰাম ৰংহাঙৰ মতে, মুখ্যমন্ত্ৰীৰ বাসগৃহত হোৱা বৈঠকত হাউৰাঘাটৰ বাবে থকা প্ৰভাৰী উপস্থিত নথকাৰ বাবেহে আজি ঘোষনা কৰিব পৰা নগ’ল সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম।

উল্লেখ্য যে, বহু কেইগৰাকী নৱপ্ৰজন্মৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বিজেপিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *