অসম

বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বন…

বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বন।

বটদ্ৰৱা লংকাকাণ্ডৰ প্ৰাথমিক তদন্তৰ পিছতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন।

পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকী।

OC 1

উল্লেখ্য যে, শনিবাৰে আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ বটদ্ৰৱা তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

image 47

মৃত লোকজন ধিঙৰ ছালনাবড়িৰ ছফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

উত্থাপিত অভিযোগ অনুসৰি, বটদ্ৰৱা আৰক্ষী থানাৰ বিষয়াই দাবী কৰা ঘোচ দিবলৈ অমান্তি হোৱা বাবেই ছফিকুল ইছলামক প্ৰহাৰ কৰি হত্যা কৰে।

image 46

ইয়াৰ পিছতে প্ৰায় ২ হাজাৰ লোকে থানা ঘেৰাও কৰি উত্তাল পৰিস্থিতি সৃষ্টি কৰাৰ লগতে উত্তেজিত একাংশই থানা চৌহদৰ ভিতৰত প্ৰৱেশ কৰি থানাৰ বিভিন্ন সম্পত্তি ভাঙি নষ্ট কৰাৰ লগতে থানা চৌহদত অগ্নি সংযোগ কৰে।

image 45

আনহাতে একাংশ উত্তেজিত লোকে মূল থানাত প্ৰৱেশ কৰি থানাৰ বহু সম্পত্তি ধ্বংস কৰিছে। থানাৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন কাগজ-পত্ৰৰ লগতে সকলো ধৰণৰ সামগ্ৰীৰ ওপৰত এফালৰ পৰা চলায় ধ্বংসযজ্ঞ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজনক আটক কৰিছে বুলি জানিব পৰা গৈছে। আটকাধীন তিনিজন ক্ৰমে-মজিবুৰ ৰহমান, ৰফিকুল ইছলাম আৰু আনোৱাৰ হুছেইন।

Leave a Reply

Your email address will not be published. Required fields are marked *