৩০তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
কামৰূপ মহানগৰত একত্ৰীকৰণ হ’ব কেইবাখনো বিদ্যালয়।
ইতিমধ্যে একত্ৰীকৰণৰ নিৰ্দেশনা জাৰি বিভাগীয় কৰ্তৃপক্ষই।
জানিব পৰা মতে, কামৰূপ মহানগৰত ১৬ খন বিদ্যালয় একত্ৰীকৰণ হ’ব।
ইতিমধ্যে ১৬ খন বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰা হৈছে।
এই তালিকাত নাম থকা বিদ্যালয়সমূহ হ’ল– নামনি কামাখ্যা এল পি স্কুল, বীণাপানী হিন্দী এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ, মাছখোৱা মাজিদা এল পি স্কুল, মালিগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল, উত্তৰ বনমজা এল পি স্কুল, লাচিত গড় এল পি স্কুল, কটকীপৰা এল পি স্কুল আৰু টিলিং গাঁও এল পি স্কুল।
লগতে ঘোঁৰামৰা এল পি স্কুল, জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল, আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল আৰু নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল একত্ৰীকৰণ কৰা হ’ব।









