চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰূপী ড্ৰাইভাৰ মুহিধৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। এইবাৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ ৰূপত ড্ৰাইভাৰ।

চিকিৎসকৰ আসনত বহি ৰোগীক প্রেছক্রিপশ্যন লিখি আল্টাছাউণ্ড কৰিবলৈ দিলে মুন্নাভাই ৰূপী ড্ৰাইভাৰ মুহিধৰ গগৈয়ে।

G01 2
চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰূপী ড্ৰাইভাৰ মুহিধৰক গ্ৰেপ্তাৰ আৰক্ষীৰ 2

জানিব পৰা মতে, ধেমাজি অসামৰিক চিকিৎসালয়ৰ ২২নং কোঠাত যোৱা ৬ আগষ্টত চিকিৎসকৰ আসনত বহি এই কাণ্ড সংঘটিত কৰে মুহিধৰ গগৈ নামৰ ড্ৰাইভাৰজনে।

ৰোগীক প্রেছক্রিপশ্যন লিখি আল্টাছাউণ্ড কৰিবলৈ দিয়াৰ পিছত মহিলা ৰােগীয়ে ধেমাজি সদৰ থানাত এই বিষয়া অভিযােগ দাখিল কৰিছিল।

এই অভিযােগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসকৰূপী ড্ৰাইভাৰ মুহিধৰ গগৈক।

এই বিষয়ে ধেমাজি জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।